Derailed train in Guwahati: মালবাহী ৰে’লৰ তিনিটাকৈ দবা লাইনচ্যুত - Rail accident in Guwahati
🎬 Watch Now: Feature Video
গুৱাহাটী,৩০ এপ্ৰিল: এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল গুৱাহাটী মহানগৰীৰ অনুৰাধা অঞ্চল (Rail accident in Anuradha railway crossing) । অনুৰাধা ৰে'ল ক্ৰ'ছিঙৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । দেওবাৰে দিনৰ ভাগত নিউ গুৱাহাটী বি জি ৱাৰ্ডৰ পৰা গুৱাহাটী ষ্টেচন দিশে গৈ থকা অৱস্থাত হঠাৎ লাইনচ্যুত হয় এখন মালবাহী ৰে'লৰ দবা । মালবাহী ৰে'লখনৰ তিনিটাকৈ দবা লাইনচ্যুত হোৱাত অঞ্চলটোত স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে ৰে'ল বিভাগৰ বিষয়াক অৱগত কৰে (freight train derailed in Guwahati) ।
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে উক্ত স্থানত উপস্থিত হয় ৰে'ল বিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ দল (Rail accident in Guwahati) । তেওঁলোকৰ তৎপৰতাত মালবাহী ৰে'লখনৰ লাইনচ্যুত হোৱা দবাকেইটা পুনৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে কিছুদিন পূৰ্বেও একেই স্থানতেই গুৱাহাটী বাংগালুৰু এক্সপ্ৰেছৰ দবাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ।