Gold theft racket busted: সোণাৰিত বৃহৎ পৰিমাণৰ চুৰি সোণৰ অলংকাৰসহ গ্ৰেপ্তাৰ তিনি - Three arrested with large quantity of stolen gold

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 22, 2023, 1:37 PM IST

মৰাণ, ২২ ফেব্ৰুৱাৰী: চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন (Stolen gold recovered in Sonari)। লগতে সোণাৰি আৰক্ষীয়ে গেপ্তাৰ কৰিবলৈ সক্ষম হ’ল দীৰ্ঘদিন ধৰি সোণ চুৰ কৰি জিলাখনত আতংকৰ সৃষ্টি কৰা এটা সোণ চোৰ চক্ৰৰ এটা চোৰকে ধৰি দুজন চুৰি সোণ ক্ৰয় কৰা ব্যৱসায়ীক (Gold smuggler arrested in Charaideo)। চৰাইদেউৰ সোণাৰি নগৰৰ লগতে শিৱসাগৰ জিলাৰ একাধিক ঠাইৰ পৰা সোণৰ আ-অলংকাৰ চুৰি হোৱা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে তিনিটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । তদুপৰি আৰক্ষীয়ে চুৰি চক্ৰটোৰ পৰা বৃহৎ পৰিমাণৰ সোণ, নগদ ধনসহ এখন স্কুটি আৰু চুৰি কাৰ্যত ব্যৱহৃত যন্ত্ৰ পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । 

উল্লেখ্য় যে এই চুৰি চক্ৰটোৱে জিলা দুখনৰ বিভিন্ন ঠাইত কৌশলৰে সোণৰ লগতে নগদ ধন চুৰি কৰি আৰক্ষীৰ নিদ্ৰা হৰণ কৰি আহিছিল । আৰক্ষীয়ে এই চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছিল যদিও চক্ৰটোৱে আৰক্ষীৰ চকুত ধূলি মাৰি পলাই আছিল । ইয়াৰ মাজতেই চৰাইদেউ আৰক্ষীয়ে মঙলবাৰে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ শেনচোৱা গাঁৱৰ অংকুৰ দাস নামৰ সোণ চোৰটোক গ্ৰেপ্তাৰ কৰে (Thief arrested from Sivasagar)। 

আৰক্ষীয়ে উল্লেখ কৰা মতে, ইতিমধ্যে বহু কেইটা চুৰি কাৰ্যৰ লগত জড়িত ধৃত চোৰটোক কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । তথ্য অনুসৰি যোৰহাট আৰক্ষী থানাত ৬৫৩/২২, ৬৫৫/২২, গৌৰীসাগৰ আৰক্ষী থানাত ১০৬/১৯ নম্বৰত গোচৰ ৰুজু হোৱাৰ বিপৰীতে সোণাৰি আৰক্ষী থানাত ৭৩/২৩ নম্বৰত গোচৰ ৰুজু হৈছে চুৰটোৰ বিৰুদ্ধে ।  

এই গভাইত চোৰটোৰ স্বীকাৰোক্তিৰ পাছতে চুৰি সোণৰ ব্যৱসায়ৰ লগত জড়িত নিখিল কৰ্মকাৰ আৰু তাহেৰ আলী নামৰ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চৰাইদেউ জিলাৰ সোণৰি আৰক্ষীয়ে (Sonari Police arrested Thief)। নিখিল কৰ্মকাৰ আৰু তাহেৰ আলীয়ে চুৰি চক্ৰটোৰ পৰা কম দামতেই চুৰি সোণ ক্ৰয় কৰি বিক্ৰি কৰি গ্ৰাহকক আহিছিল ।

লগতে পঢ়ক:Banned Thailand mackerel: প্ৰশাসনে পুতিলে মৰিয়নিত জব্দকৃত নিষিদ্ধ থাইলেণ্ড মাগুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.