Electricity Bill : দুলীয়াজানত আজৱ ঘটনা, বিদ্যুৎ সংযোগ নথকা ঘৰতো আহিল হাজাৰ টকাৰ বিল - Strange thing done by electricity department
🎬 Watch Now: Feature Video
Published : Sep 20, 2023, 5:32 PM IST
ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ : দুলীয়াজানত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড । কোনো দিনে বিদ্যুতৰ সংযোগ নথকা ব্যক্তিৰ নামত আহিল হাজাৰ হাজাৰ টকাৰ বিদ্যুতৰ বিল। দুলীয়াজান সমষ্টিৰ অন্তৰ্গত 2 নং ৰঙাজান খাৰিয়া বস্তিত এই আজৱ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে শংকৰ গড়ৰ নামত 1898 টকা, ৰঞ্জিত গড়ৰ নামত 1883 টকা, মংগলী মুড়াৰ নামত 1878 টকা, বিক্ৰম শৰ্মাৰ নামত 1918 টকা, শ্যাম ওৰাঙৰ নামত 451 টকা, মাইনা ওৰাঙৰ নামত 1870 টকা আৰু ধনীৰাম সিং গড়ৰ নামত বিদ্যুৎ বিল আহিল বৰডুবি বিদ্যুৎ উপ-সংমণ্ডলৰ পৰা ৷
কিন্তু যি সকলৰ নামত এই বিদ্যুতৰ বিল আহিল তেওঁলোকৰ ঘৰত আজি পৰ্যন্ত বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ কৰাই নাই । আনকি বিদ্যুতৰ খুটা পৰ্যন্ত উক্ত স্থানত নাই । তেনে সময়ত বিদ্যুৎ সংযোগ নথকা লোকলৈ কেনেকৈ হাজাৰ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰা হ’ল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ গুৰুত্বহীন বিদ্যুৎ বিভাগৰ একাংশ লোকে বিদ্যুৎ ব্যৱহাৰ নকৰা লোকলৈ বিদ্যুতৰ বিল প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়ক:Deforestation at Duliajan: ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ বিপৰীতে বন ধ্বংসযজ্ঞ দুলীয়াজানত