Thief trapped by locals: কলিয়াবৰত ৰাইজে দৌৰাই দৌৰাই ধৰিলে চোৰ - Thief Trapped by local People at Kaliabor
🎬 Watch Now: Feature Video
কলিয়াবৰ, 27 এপ্ৰিল: কলিয়াবৰত দিন দুপৰতে চোৰৰ টিঘিল ঘিলনি ৷ দিন-দুপৰতো ঘৰ এৰি যাব নোৱাৰা অৱস্থা হৈছে কলিয়াবৰত (Thief trapped by locals) ৷ ঘৰত কোনো নথকাৰ উমান পালেই চোৰে চলাই চাফাই অভিযান ৷ উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে কলিয়াবৰৰ গোমোঠা গাঁৱত গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলাইছিল চাফাই অভিযান ৷ চোৰে এটা বেগত ভৰাই লৈ গৈছিল বহু মূল্যবান সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন (Thief Trapped by local People at Kaliabor)৷ এই সমগ্ৰ দৃশ্য বন্দী হৈছিল CCTV ৰ কেমেৰাত ৷
ইয়াৰ পিচতে পুনৰ সেই চোৰটোৱে চুৰি কৰিবৰ বাবে ঘুৰি ফুৰিছিল কুঁৱৰীটোলৰ গাঁৱৰ মাজত ৷ পূৰ্বতে গোমোঠা গাঁৱত চুৰি কৰা দৃশ্য কুঁৱৰীটোলৰ কেইজনমান যুৱকে CC TVত প্ৰত্যক্ষ কৰিছিল আৰু দেখা পাইছিল চোৰটোক ৷
ফলত কুঁৱৰীটোলৰ গাঁৱৰ মাজত চোৰটো ঘূৰি ফুৰা দেখা পাই স্থানীয় যুৱক কেইজনমানে দৌৰাই-দৌৰাই আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে (Thief detained at Kaliabor) ৷ আৰক্ষীয়ে চোৰটোক আটক কৰি সোধা পোছাৰ লগতে চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰৰ বাবে তদন্ত চলাই আছে ৷
লগতে পঢ়ক: Kidnapping at Namsai: নামচাইত তেল ডিপোৰ গাণনিকক অপহৰণ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ