Theft at Amguri: গৰাকীৰ অনুপস্থিতিত দোকানৰ পৰা চোৰে লুটিলে নগদ ধনসহ ম’বাইল - Theft at Amguri
🎬 Watch Now: Feature Video

আমগুৰি, ২১ মাৰ্চ : শিৱসাগৰৰ আমগুৰি নগৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Theft at Amguri)। এইবাৰ দিন দুপৰতে চোৰে এখন বিপণিত চলালে লুটপাত । বিপণিৰ চিচিটিভি কেমেৰাত বন্দী চোৰৰ অতপালি । উল্লেখ্য যে শিৱসাগৰৰ গেলেকী চাৰিআলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দিনৰ ভাগতে চোৰে প্ৰৱেশ কৰি লুটপাত চলায়। ৰহমান ইলেকট্ৰনিকছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত গৰাকী নথকাৰ সুযোগ লৈ চোৰে চলালে অভিযান ।
বিপণিখনৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে চোৰে কেইবাহাজাৰ টকাৰ লগতে দামী মোবাইল ফোন লৈ উধাও হয় (Mobile thief at Sivasagar)। সোমবাৰে বিয়লি প্ৰায় ৫ মান বজাত সংঘটিত হৈছে এই চুৰি কাণ্ড । প্ৰতিষ্ঠানখনৰ গৰাকীয়ে দুপৰীয়া ঘৰলৈ আহাৰ খাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে প্ৰতিষ্ঠানখনৰ গৰাকীয়ে গেলেকী থানাত এই বিষয়ে এখন এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক :Fake gold seized in Jagiroad: জাগীৰোডত নকল সোণ জব্দ