thumbnail

Sipajhar Mob lynching: ছিপাঝাৰত গণ প্ৰহাৰত ছাগলী চোৰৰ মৃত্যু

By

Published : Aug 17, 2023, 2:19 PM IST

দৰং,17 আগষ্ট: ৰাজ্যত পুনৰ গণ প্ৰহাৰৰ ঘটনা ৷ চোৰৰ সন্দেহত মৰিগাঁও, ধুবুৰী, লংকাৰ পাচতে এইবাৰ দৰং জিলা ছিপাঝাৰত সংঘটিত হৈছে গণ প্ৰহাৰৰ ঘটনা ৷ গণ প্ৰহাৰত নিহত হৈছে ছাগলী চোৰ ৷ ছিপাঝাৰৰ পদ্মাঝাৰত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে নিশা মজিবুল হক নামৰ চোৰটো প্ৰৱেশ কৰিছিল গাঁওখনত ৷ পৰৱৰ্তী সময়ত ছাগলী চোৰ কৰাত লিপ্ত হয় ৷ তেনে সময়তে মজিবুল হকক হাতে লুটে ধৰা পেলাই ৰাইজে ৷

 তাৰ পাচতে চোৰটোক ৰাইজে প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ছাগলী চোৰ মজিবুল হক ৷ চোৰটোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চিকিৎসালয়তে মৃত্যু হয় মজিবুল হক ৷ এই ঘটনাৰ সন্দৰ্ভত বুঢ়া আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক । আনহাতে, একাংশ লোকে আৰক্ষীক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে । 

লগতে পঢ়ক: Food poisoning in Sipajhar : ছিপাঝাৰৰ বৰেৰীত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন অৰ্ধ শতাধিক লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.