thumbnail

By

Published : Jun 28, 2023, 12:18 PM IST

Updated : Jun 28, 2023, 12:34 PM IST

ETV Bharat / Videos

Thief Detained in Rangia: ম’বাইল চুৰি কৰি আটক হ’ল যুৱক

ৰঙিয়া, 28 জুন: ৰঙিয়াৰ মৰাণজানা চ'কত সংঘটিত হোৱা এক চুৰিকাণ্ডত জড়িত এজন যুৱকক মঙলবাৰে স্থানীয় ৰাইজে কৰায়ত্ত কৰি ৰঙিয়া আৰক্ষীক গতাই দিয়ে ৷ ৰাইজে আটক কৰা চোৰটো হৈছে ৰঙিয়া মধুকুছিৰ অমৰজ্যোতি নাথ ৷

জানিব পৰা মতে সোমবাৰে চোৰটোৱে গ্ৰাহক হিচাপে মৰাণজানা চ'কত থকা এখন ম’বাইলৰ দোকানলৈ ম’বাইল ক্ৰয় কৰিবলৈ আহিছিল ৷ ম’বাইলৰ দৰ-দাম কৰাৰ চলেৰে চোৰটোৱে এটা ম’বাইল কৌশলৰে চুৰি কৰি লৈ যায় ৷ সন্ধিয়াৰ সময়ত ব্যৱসায়ীজনে ম’বাইল এটা কম থকাৰ বিষয়ে সন্দেহ কৰে ৷

পিছত তেওঁ প্ৰতিষ্ঠানখনত থকা চি চি টিভিত চোৱাত গ্ৰাহক হিচাপে অহা চোৰটোৱে ম’বাইল এটা চুৰি কৰি নিয়াটো নিশ্চিত হয় ৷ মঙলবাৰে চোৰটো পুনৰ মৰাণজানা চ'কলৈ অহাত স্থানীয় ব্যৱসায়ী সকলে চোৰটোক আটক কৰি খুঁটাত বান্ধি থয় ৷ ঘটনাটোৰ বিষয়ে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ৷ কিছু সময়ৰ পিচতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক আটক কৰি লৈ যায় ৷

লগতে পঢ়ক: Fire in Rangia: ৰঙিয়াৰ হিৰাগাটাত বিধ্বংসী অগ্নিকাণ্ড

Last Updated : Jun 28, 2023, 12:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.