Jorhat theft incident: দিন দুপৰতে আলুৰ বস্তা চোৰ কৰি ধৰা পৰিল চোৰ

By

Published : Aug 14, 2023, 7:09 PM IST

thumbnail

যোৰহাট, 14 আগষ্ট : যোৰহাট জিলাত ধাৰাবাহিকভাৱে চোৰে চলাইছে চাফাই অভিযান ৷ চোৰে নিদ্ৰা হৰিছে আৰক্ষীৰ। সোমবাৰে যোৰহাট জিলাৰ মাজমজিয়াত এখন দোকানৰ আলু বস্তা ৰিক্সাত তুলি নিবলৈ বিচৰা এটা চোৰক হাতে-লোটে ধৰি পথৰ দাঁতিতে এজোপা গছত বান্ধি থৈ দিয়ে ৷ আলু চুৰি কাৰ্যত জড়িত চোৰটো সঞ্জীৱ গগৈ বুলি জানিব পৰা গৈছে ৷

ইফালে চোৰটো তেনেদৰে বান্ধি থোৱা দেখি পথেদি যোৱা কেইবাজনো লোকে চোৰটোক উত্তম মধ্যম সোধাই ৷ ঘটনা অনুসৰি, অন্য এখন দোকানত বাৰাণ্ডাত থৈ দিয়া এটা আলুৰ বস্তা এটা এখন ৰিক্সাত তুলি লোৱা প্ৰত্যক্ষ কৰে কাষৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকীয়ে। তাৰ পিচতেই কাষতে থকা ব্যৱসায়ীক প্ৰতিষ্ঠানৰগৰাকী আৰু ওচৰ চুবুৰীয়াই এ টি ৰোডত কাষত থকা এজোপা গছত ৰচীৰে বান্ধি থয় চোৰটোক ৷ 

কিছু সময়ৰ পিচতে ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ ৰচী খুলি চোৰটোক যোৰহাট সদৰ থানালৈ লৈ যায় । উল্লেখযোগ্য যে, জিলাখনত বিগত কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসভৱনত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছিল । পিচত নগন্য সংখ্যক চোৰহে আৰক্ষীৰ হাতত ধৰা পৰে ৷ দুদিন জেইলত থাকি ওলাই আহি আকৌ চোৰে লাগি যায় চাফাই অভিযানত ।

লগতে পঢ়ক: Thieves detained: মঙলদৈ থানাত ওলাইছে দমে দমে চুৰি সামগ্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.