Thief arrested: কলগাছিয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতালে চোৰ - Burglary in Kalgachia

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 11:52 AM IST

কলগাছিয়া, ২৭ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত চুৰি হোৱা দুখনকৈ চাইকেল আৰু এটা পানী মটৰ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি । জানিবপৰা মতে বৃহস্পতিবাৰে নিশা খাৰবাল্লী গাঁৱৰ আজিজুল হকৰ ঘৰৰ পৰা দুখনকৈ চাইকেল আৰু আব্দুল বাৰেকৰ ঘৰৰ পৰা এটা মটৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল উক্ত গাঁৱৰে ফিৰোজ আলী আৰু স্বফিকুল নামৰ লোক দুজনৰ বিৰুদ্ধে ।  

চুৰিকাণ্ড সংগঠিত কৰিয়েই নিশাই দুই অভিযুক্তই এক বজাত চাইকেল আৰু মটৰ একে গাঁৱৰে ৰহিম বাদশা নামৰ লোকজনৰ অনুমতি সাপেক্ষেই তেওঁৰ ঘৰত ৰাখিছিল । ইফালে ৰহিম বাদশাৰ আগে পিছে চুৰি কৰাৰ অভ্যাস আছে বুলি ৰাইজৰ অভিযোগ উত্থাপন কৰে । শুকুৰবাৰে নিশাৰ ভাগত উক্ত গাঁৱৰে একাংশ ৰাইজে ৰহিম বাদশাৰ বাসগৃহত অভিযান চলাই যদিও চাইকেল আৰু মটৰ উদ্ধাৰ কৰে ।  

ইয়াৰ পিছতে ৰহিম বাদশাক উত্তম-মাধ্যম শোধোৱাত ফিৰোজ আলী আৰু স্বফিকুলে তেওঁৰ ঘৰত থৈ যোৱাৰ কথা স্বীকাৰ কৰে বাশাই । লগতে ৰহিম বাদশাও চুৰিকাণ্ডৰ লগত জড়িত থকা বুলি জানিবলৈ দিয়ে ৰাইজে । ইয়াৰ পাছতে আৰক্ষী উপস্থিত হৈ ৰহিম বাদশাক আটক কৰি লৈ যোৱাৰ লগতে পলাতক দুই চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।  

লগতে পঢ়ক: Landslide at Banderdawa: বান্দৰদেৱাত ভূমিস্খলন; ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.