Crime in Guwahati: মহানগৰীত চোৰৰ পিঠিত পৰিল ঔ-কিল

By

Published : May 15, 2023, 2:18 PM IST

thumbnail

গুৱাহাটী, ১৫ মে: গুৱাহাটী মহানগৰীৰ নুনমাটিত অঞ্চলটোত বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস (Theft in Guwahati)। ইয়াৰ মাজতে সোমবাৰে দিনৰ ভাগত বিষ্ণু ৰাভা নগৰৰ এঘৰত সোমাই লুট-পাতৰ চেষ্টা চলাওঁতেই ৰাইজৰ ৰোষত পৰে এটা চোৰ । ৰাইজে খেদি খেদি চোৰটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে (Theft at Noonmati in Guwahati)। ধৃত চোৰটো বামুণীমৈদামৰ ময়লা টেংকীৰ ৰাজীৱ দাস বুলি জানিব পৰা গৈছে ।  

আৰক্ষীয়ে ধৃত চোৰটোৰ পৰা তলা ভাঙিবলৈ ব্যৱহাৰ কৰা ৰেঞ্চ,কাটাৰৰ লগতে আপত্তিজনক সামগ্ৰী আৰু কেইবাখনো চেক উদ্ধাৰ কৰে । ইপিনে, তিনি দিনমান পূর্বেও অঞ্চলটোৰ এঘৰত মাজনিশা এটা চোৰে লুটপাতৰ চেষ্টা চলাইছিল । ইয়াৰ পিচতো আৰক্ষীয়ে চোৰ কৰায়ত্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Kajalgaon JSB Civil Hospital: চিকিৎসালয়ৰ বন্ধ কোঠাত নিশা চলে সুৰাৰ পাৰ্টী !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.