Theft incident: চোৰৰ চতুৰালি, কৃষকৰ পৰা তিনি লাখ টকা লৈ পলাবলৈ লওঁতেই ৰাইজৰ ৰোষত চোৰ

🎬 Watch Now: Feature Video

thumbnail

জোনাই, ২৫ ছেপ্টেম্বৰ : বেংকলৈ ধন জমা কৰিবলৈ নতুবা উলিয়াবলৈ যাওঁতে সাৱধান হওঁক ৷ অসম অৰুণাচল সীমান্ত ৰুকচিনত হিন্দী চিনেমা কায়দাৰে চুৰিকাণ্ড সংঘটিত হৈছে ৷ তিনি লাখ টকা লৈ চোৰে পলায়ন কৰে যদিও চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷

অসম-অৰুণাচল সীমান্তৰ জোনাই লক্ষী নেপালী গাঁৱৰ খেতিয়ক মহেন্দ্র বৈশ্যই নিজৰ সাঁচতীয়া ধন জমা কৰিবলৈ ভাৰতীয় ষ্টেট বেংক ৰুকচিন শাখালৈ গৈছিল । লোকজনে ৰুকচিন শাখাৰ সন্মুখত জমা ৰচিদ লিখি থাকোঁতেই সেই ঠাইত চোৰটো উপস্থিত হয় ৷ 

পিচে এইবাৰ চোৰে চুৰিৰ বাবে নতুন পদ্ধতি অৱলম্বন কৰে । প্ৰথমে চোৰটোৱে মহেন্দ্র বৈশ্যৰ কাপোৰত লেতেৰা পানীপেলাই দিয়ে । তাৰ পিচতেই লোকজনে কাপোৰ চাই থাকোঁতেই চোৰে তিনি লাখ টকা লৈ উধাও হয় ৷ 

লগে লগে বেংকত উপস্থিত থকা স্থানীয় লোকে চোৰটোক খেদি খেদি ৰুকচিন চেক গেটৰ সমীপত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ৰাইজে চোৰটোক উত্তম মাধ্যম সোধাই ৰুকচিন আৰক্ষীক গতাই দিয়ে । বাতৰি প্ৰস্তুত কৰা সময়লৈকে চোৰটোৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: Attempt to murder: মধ্যাহ্ন ভোজনৰ চাউল নিদিয়াৰ বাবে প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুস্কৃতিকাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.