Theft case in Majuli : কাপোৰৰ দোকানত চোৰৰ চাফাই অভিযান - Majuli Police
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2023/640-480-18866151-thumbnail-16x9-majuli.jpg)
মাজুলী,28 জুন: এইবাৰ মাজুলী আৰক্ষীক চেলেঞ্জ চোৰৰ ৷ বৰষুণৰ সুযোগ লৈ চোৰ সোমাল কাপোৰৰ দোকানত ৷ মাজুলীৰ ফুলনি চাৰিআলিৰ ব্যৱসায়িক প্ৰতিস্থানত চুৰিকাণ্ড ৷ ফুলনি চাৰিআলিৰ ৰিতু ক্লথ ষ্টৰ নামৰ কাপোৰৰ দোকানখনত নিশা চোৰে চলালে চাফাই অভিযান ৷ ইফালে ফুলনি আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগতে অৱস্থিত দোকানৰ পৰা এই চুৰিকাণ্ড সংঘটিত হয় ।
কাপোৰৰ দোকান খনৰ পৰা চোৰে কাপোৰৰ লগতে নগদ ধন লৈ উধাও হয় । নিশা বৰষুণ দিয়াৰ সুযোগ গ্ৰহণ কৰি চোৰে দোকানৰ চাতাৰ ভাঙি চুৰি কাণ্ড সংঘটিত কৰে ৷ দোকানখনৰ গৰাকীৰ অভিযোগ ‘আৰক্ষীৰ ফালৰ পৰা নিশাৰ ভাগত যদি পহৰা দিয়াৰ ব্যৱস্থা কৰা হ’লে এই চুৰি কাণ্ড সংঘটিত নহ’লহেতেন ৷ 50 হাজাৰ টকাৰ মূল্যৰ কাপোৰ চোৰে নিলে ৷’
লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ সৈতে মিত্রদল অগপৰ বিদ্ৰোহৰ উকমুকনি