Theft in Samguri Satra: ফাকুৱাৰ আনন্দৰ মাজতে কলিয়াবৰৰ চামগুৰি সত্ৰত চুৰিকাণ্ড - Mahapurush Srimanta Sankardeva
🎬 Watch Now: Feature Video

কলিয়াবৰ, ৮ মাৰ্চ: ৰাজ্যত এতিয়া ফাকুৱাৰ আনন্দ । কিন্তু কলিয়াবৰৰ এখন সত্ৰৰ ভকত-বৈষ্ণৱ বঞ্চিত হ'ল এই আনন্দোৎসৱৰ পৰা । যোৱা নিশা ফাকুৱাৰ আনন্দৰ মাজতে ছ-অৰা সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীচামগুৰি সত্ৰত সংঘটিত হয় চুৰিকাণ্ড (Theft in Samguri Satra) । চোৰে চুৰি কৰিলে কেইবাযোৰো বৰতাল, কেইবাখনো শৰাই, গছাসহ বহু মূল্যবান সামগ্ৰী । অৱশ্য়ে চোৰে সিংহাসনৰ পৰা মূল্যবান সামগ্ৰী নিবলৈ কৰা চেষ্টা সফল নহ'ল । পুৱা ডেকাসত্ৰীয়াগৰাকী নামঘৰলৈ অহাৰ পিছতেই ঘটনাটো পোহৰলৈ আহে । ডেকাসত্ৰীয়াগৰাকীয়ে লগে লগে এই বিষয়ে স্থানীয় ৰাইজক অৱগত কৰে । স্থানীয় ৰাইজে পিছত আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
ইপিনে,মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পাদুকা প্ৰতিষ্ঠাৰে উদ্ভাষিত শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ পবিত্ৰ পাদুকাগৃহ চোৰৰ পৰা ৰক্ষা পৰে (Mahapurush Srimanta Sankardeva)। কলিয়াবৰৰত ১৬৫০ শকত মাজুলীৰ পৰা আহি বিশ্বম্ভৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহাসিক শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ নামঘৰত যোৱা নিশা হোৱা চুৰিকাৰ্যৰ পাছত সত্ৰখনৰ ভকত-বৈষ্ণৱৰ মাজত স্বাভাৱিকতে ফল্গুোৎসৱৰ আনন্দ ম্লান পৰিছে (Sri Sri Samguri Satras Namghar)।
লগতে পঢ়ক:Bachchu Kadu Controversial Remarks : মহাৰাষ্ট্ৰৰ বিধায়কৰ বিৰুদ্ধে যোৰহাট কংগ্ৰেছৰ এজাহাৰ দাখিল