Crime in Tinsukia: মাকুমৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড - Crime news of Tinsukia
🎬 Watch Now: Feature Video

তিনিচুকীয়া, ২০ আগষ্ট: শনিবাৰে নিশা মাকুমত পুনৰ সংঘটিত হয় এক চুৰিকাণ্ড । মাকুম ৰে’লগেটৰ সন্মুখৰ অমৰদ্বীপ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই চুৰিকাণ্ড ৷ উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ চিলিং ভাঙি ওপৰেৰে ভিতৰত প্ৰৱেশ কৰি চোৰে সংঘটিত কৰে চুৰিকাণ্ড ।
প্ৰতিষ্ঠানখনৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত প্ৰতিষ্ঠান বন্ধ কৰি ঘৰমুৱা হয় । আজি দেওবাৰে পুৱা প্ৰতিষ্ঠানলৈ আহি দেখা পায় যে ওপৰৰ চিলিং ভঙা ৷ পৰৱৰ্তী সময়ত জানিব পাৰে যে প্ৰতিষ্ঠানখনৰ পৰা চোৰে বৃহৎ পৰিমাণৰ কাঁহৰ সামগ্ৰীকে ধৰি নগদ সাত হাজাৰ টকা চুৰি কৰে ৷ পিচত তেওঁ মাকুম আৰক্ষী থানাত এজাহাৰ দিয়াত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷ ইফালে, ইয়াৰ কিছুদিনৰ পূৰ্বে বাইপাছ চাৰিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানটো একেদৰেই সংঘটিত হৈছিল চুৰিকাণ্ড ৷