মুকালমুৱাত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:30 PM IST

thumbnail

নলবাৰী, ২২ নৱেম্বৰ : নলবাৰীৰ মুকালমুৱাত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ উত্তাল প্ৰতিবাদ ৷ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ বৰক্ষেত্ৰী খণ্ড সমিতিয়ে বুধবাৰে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত শিক্ষকসকলে উক্ত প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰী শিক্ষকসকলে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদ কঁপাই তোলে । লগতে তেওঁলোকৰ দাবীসমূহ মানি ল’বলৈ বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্ততো টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীসকলে অনুৰূপ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : জোনাইত টেট উৰ্ত্তীণ শিক্ষক সন্থাৰ দুঘন্টীয়া ধৰ্ণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.