Tense situation in Tingkhang: কিশোৰৰ ৰহস্যজনক মৃত্যুক লৈ টিংখাঙত উত্তেজনা
🎬 Watch Now: Feature Video
Published : Oct 8, 2023, 12:56 PM IST
টিংখাং,৮ অক্টোবৰ: এজন কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি টিংখাঙত তীব্ৰ প্ৰতিক্ৰিয়া । গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু ঘটে টিংখাঙৰ মাহমৰা আলিকিনাৰ গাঁৱৰ আমানুজ টিগ্গা নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰৰ । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ১৬ বছৰীয়া আমানুজে গুৱাহাটীৰ পলাশবাৰীস্থিত ব্যক্তিগত কোম্পানীত পেইন্টিঙৰ কাম কৰিছিল । দুদিন পূৰ্বে পেইণ্টিঙৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ আমানুজে অকাল মৃত্যুক সাৱটি ল'ব লগা হয় ।
ইফালে শনিবাৰে নিহত কিশোৰ জনৰ মৃতদেহ নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । পৰিয়াল তথা স্থানীয় লোকে কোম্পানী কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই আমানুজে বিদ্যুৎস্পৃষ্ট হৈ জীৱন হেৰুৱাবলগীয়া হয় বুলি অভিযোগ উত্থাপন কৰে । আনহাতে কিশোৰজনৰ মৃত্যুৰ পিছতো কোম্পানী কৰ্তৃপক্ষৰ তৰফৰ পৰা পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ।
মৃত্যুৰ সময়ত পিতৃহাৰা আমানুজে ইহ সংহাৰত একমাত্ৰ ৰোগীয়া মাতৃক এৰি থৈ গৈছে । দৰিদ্ৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আমানুজৰ মৃত্যুৰ উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজ তথা দল-সংগঠনে । আনহাতে ১৬ বছৰীয়া আমানুজক কামত নিয়োজিত কৰি কোম্পানীটোৱে শ্ৰমিক আইন উলংঘা কৰা বুলি উল্লেখ কৰি এইক্ষেত্ৰত আইনৰ কাষ চপাৰ কথা সদৰি কৰে আদিবাসী ছাত্ৰ সন্থাই ।
লগতে পঢ়ক: Biswanath College: বিশ্বনাথ মহাবিদ্যালয়ত আছুৰ বিজয়ধ্বজা