Assam Silsako Beel Eviction: শিল সাঁকোত উচ্ছেদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতি

By

Published : Jun 9, 2023, 5:48 PM IST

thumbnail

গুৱাহাটী, 9 জুন: কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জি এম ডি এ কৰ্তৃপক্ষই তিনি মাহ পূৰ্বে শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোক সকলক উচ্ছেদ কৰাৰ পিছত পুনৰ শিলসাঁকোৰ বুকুত উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী, প্ৰশাসন ৷ শুকুৰবাৰে দিনৰ ভাগত পুনৰ শিলসাঁকোত উচ্ছেদ চলোৱাৰ বাবে আৰক্ষী আৰু GMDA ৰ বিষয়াই পৰ্যবেক্ষণ কৰিবলৈ অহাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation over eviction in Silsako Beel) ৷  

প্ৰশাসনক পুনৰ শিল সাঁকোৰ বুকুত এই উচ্ছেদ অভিযান চলাব দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে শিল সাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ৷ তাদুপৰি শিলসাঁকোৰ প্ৰতিটো পথতে বেৰিকেড লগাই উচ্ছেদিতৰ প্ৰতিবাদত বাধা প্ৰদান কৰে আনহাতে আৰক্ষীয়ে ৷ আনহাতে প্ৰশাসনকো বাধা প্ৰদান কৰে উচ্ছেদিত ৰাইজে ৷ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদস্থলীত (Assam Silsako Beel Eviction) ৷

লগতে পঢ়ক: Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.