Wrong treatment ! ছাত্ৰীৰ মৃত্যুক লৈ উত্তেজনা; চিকিৎসকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ - died of wrong treatment
🎬 Watch Now: Feature Video
Published : Aug 24, 2023, 10:11 AM IST
নলবাৰী, 24 আগষ্ট : বুধবাৰে নিশা হঠাৎ উত্তপ্ত হ’ল নলবাৰী ৷ এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ সাৰথি হাস্পতালৰ সন্মুখতে প্ৰতিবাদত বহিল একাংশ লোক ৷ মৃত ছাত্ৰগৰাকীৰ আত্মীয়ৰ অভিযোগ অনুসৰি, নলবাৰীৰ সাৰথি হাস্পতালৰ চিকিৎসকৰ ভুলৰ বাবেই মৃত্যু হ’ল ছাত্ৰীগৰাকীৰ ৷ মৃত ছাত্ৰীগৰাকীৰ হ’ল নিউক্লিয়াছ একাডেমীত অধ্যয়নৰত ডলাৰ্ডী বৈশ্য ৷ ডলাৰ্ডী বৈশ্য আছিল পিতৃ-মাতৃৰ একমাত্ৰ কন্যা ৷
মৃত ছাত্ৰীগৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, কাষলতিৰ তলত টিউমাৰ হোৱাৰ বাবে ডলাৰ্ডী বৈশ্যক পৰিয়ালৰ লোকে 17 আগষ্টৰ দিনা নলবাৰীৰ সাৰথি হাস্পতালত ভৰ্তি কৰায় ৷ তাতে ডলাৰ্ডী বৈশ্যক অষ্ট্ৰোপ্ৰচাৰ কৰা হয় ৷ চিকিৎসকে এইটো এটা সাধাৰণ অষ্ট্ৰোপ্ৰচাৰ বুলিহে উল্লেখ কৰিছিল পৰিয়ালৰ লোকক ৷ কিন্তু চিকিৎসকে সাধাৰণ অষ্ট্ৰোপ্ৰচাৰ বুলি উল্লেখ কৰা কৰিলেও তাৰ বাবে সময় লৈছিল 5 ঘন্টা ৷ ফলত চিন্তিত হে পৰিছিল ডলাৰ্ডী বৈশ্যৰ পিতৃ-মাতৃ ৷
ইফালে এই অষ্ট্ৰোপচাৰ কৰাৰ পিচতে সংজ্ঞাহীন হৈ পৰিছিল কিশোৰীগৰাকী ৷ পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে নলবাৰীৰ সাৰথি হাস্পতাল কৰ্তৃপক্ষই গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ দিছপুৰস্থিত GNRC হাস্পতালত ভৰ্তি কৰায় কিশোৰীগৰাকীক ৷
কিন্তু গুৱাহাটীৰ GNRC হাস্পতালতে মৃত্যু হয় ডলাৰ্ডী বৈশ্যৰ ৷ এই ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাচতে নলবাৰীৰ সাৰথি হাস্পতালৰ সন্মুখত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : Tragic incident in Ludhiana : লুধিয়ানাৰ বডদোৱালত চৰকাৰী বিদ্যালয়ৰ ছাদ খহি এজন শিক্ষকৰ মৃত্যু; তিনিজন আহত