Operation against child marriage : মৌলানাক গ্ৰেপ্তাৰ কৰাক লৈ জুৰীয়াত তীব্ৰ উত্তেজনা

By

Published : Feb 4, 2023, 8:34 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

নগাঁও,৪ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Operation against child marriage)। ৰাজ্যৰ প্ৰতিখন জিলাতে বাল্যবিবাহৰ গোচৰত শ শ লোকক আটক কৰা হৈছে । ইয়াৰ মাজতে নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । বাল্যবিবাহৰ গোচৰত এগৰাকী মৌলানাক গ্ৰেপ্তাৰ কৰাৰ পাছতে থানা ঘেৰাও কৰে একাংশ লোকে । আৰক্ষীৰ বাহন আৱদ্ধ কৰাৰ চেষ্টা কৰে প্ৰতিবাদকাৰী মহিলাসকলে (Public protest at Juria Police Station)।

উল্লেখ্য যে শনিবাৰে বাল্যবিবাহৰ গোচৰত জুৰীয়া আৰক্ষীয়ে এছাহাক আলী নামৰ এগৰাকী মৌলানাক গ্ৰেপ্তাৰ কৰিছিল । ইফালে মৌলানাক থানালৈ অনাৰ পাছতে একাংশ লোকে জুৰীয়া থানাত ভিৰ কৰে । আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে । এই প্ৰতিবাদে এসময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

জুৰীয়া আৰক্ষী থানাৰ পৰা ধৃত মৌলানা এছাহাক আলীক আদালতত হাজিৰ কৰিবলৈ লৈ যোৱা আৰক্ষীৰ বাহনক বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী মহিলাসকলে । যাক লৈ উত্তাল হৈ পৰে জুৰীয়া আৰক্ষী থানা (Protest against police in Nagaon)। ইফালে আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত তীব্ৰ সংঘাতৰো সৃষ্টি হয় । আৰক্ষীৰ বাহনৰ সন্মুখৰ পৰা মহিলা আৰক্ষীয়ে টানি চোঁচৰাই লৈ যায় উত্তেজিত মহিলাসকলক ।

ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰী মহিলাসকলক প্ৰহাৰ কৰাৰো অভিযোগ কৰে । আনকি উত্তেজনাময় পৰিস্থিতিত কেইবাগৰাকী প্ৰতিবাদকাৰী মহিলা আঘাতপ্ৰাপ্ত হয় । আনহাতে প্ৰতিবাদকাৰীৰ মাজৰ পৰা আৰক্ষীৰ বাহনখন কোনোমতে পাৰ হৈ যায় । বাহনখন যোৱাৰ পাছতে ৰাজপথত কান্দি কান্দি বাগৰি পৰে মহিলা প্ৰতিবাদকাৰীসকল ।

উল্লেখ্য যে ধৃত মৌলানাজনৰ বিৰুদ্ধে এখন বাল্যবিবাহ সম্পন্ন কৰাৰ গোচৰ ৰুজু হৈছিল জুৰীয়া আৰক্ষী থানাত । তাৰ পাছতে আৰক্ষী আটক কৰিছিল অভিযুক্ত মৌলানাজনক । কিন্তু মৌলানাজনক আটক কৰাৰ পাছতে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল অঞ্চলটোৰ একাংশ লোকে । সম্প্ৰতি এই ঘটনাক লৈ জুৰীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.