Doctors negligence in Dhemaji: চিকিৎসকৰ ভুলৰ বাবে প্ৰসূতিৰ মৃত্যু, ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি - maternal death in dhemaji civil hospital
🎬 Watch Now: Feature Video
Published : Oct 11, 2023, 3:46 PM IST
ধেমাজি, ১১ অক্টোবৰ:এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধেমাজি অসামৰিক চিকিৎসালয়ত । চিচিবৰগাঁও ৰাজহ চক্ৰৰ ভাঙিদিয়া গাঁৱৰ লক্ষ্মীমাই পেগু নামৰ প্ৰসূতিগৰাকীৰ মৃত্য়ুক কেন্দ্ৰ কৰি বুধবাৰে সৃষ্টি হয় এই পৰিস্থিতিৰ । লক্ষ্মীমাই পেগুৰ পৰিয়ালে অভিযোগ কৰা মতে, কালি পুৱা দহ বজাত স্বাভাৱিক অৱস্থাত থকা প্ৰসূতিগৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । আজি পুৱা এটা বেজী দিয়াৰ পিছতেই মৃত্যু মুখত পৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ সদস্য়সকলে ৷
লক্ষ্মীমাই পেগুৰ আত্মীয়ই অভিযোগ কৰা মতে, চিকিৎসকৰ অৱহেলাত মৃত্যুমুখত পৰিছে সুস্থ মহিলাগৰাকী ৷ ভৱিষ্যতে যাতে কোনো ৰোগীয়ে এনেদৰে মৃত্যুমুখত নপৰে তাৰ বাবে চিকিৎসালয়খনৰ কৰ্তৃপক্ষক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে পৰিয়ালৰ লোকে এই ঘটনৰ এক উচিত তদন্তৰ দাবী কৰিছে ।