thumbnail

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 6:35 PM IST

ETV Bharat / Videos

আৰক্ষীৰ লাঠিৰ কোবত পথত বাগৰিল বাইক আৰোহী; ৰাইজৰ মাজত উত্তেজনা

জনীয়া, ২৩ ডিচেম্বৰ: বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল মেৰেৰচৰ আৰক্ষী থানাৰ অধীনৰ ৰঙাপানীৰ শিমলাবাৰীত অবাঞ্চিত ঘটনা ৷ মেৰেৰচৰ থানাৰ এগৰাকী আৰক্ষীয়ে নিয়মীয়া তালাচীৰ নামত এজন যুৱকক বাইক চলোৱা অৱস্থাত লাঠিৰে মূৰত আঘাত কৰে ৷ লগে লগে দুৰ্ঘটনাত পতিত হয় আৰোহীজন । ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ শিমলাবাৰীত নিয়মীয়া তালাচীৰ নামত বাইক আৰোহী আনিছুৰ ৰহমানক লাঠিৰে কোবোৱাত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত ফালৰ পৰা আহি থকা আন এখন বাইকত খুন্দা মাৰে । AS 19 Q 9323 আৰু AS 15 P 4867 নম্বৰৰ বাইকত অহা আনিচুৰ ৰহমান, জাহিদুল ইছলাম আৰু জেল হক নামৰ আৰোহী কেইজন লগে লগে ৰাস্তাত বাগৰি পৰে ।  

ইয়াৰ পিচতেই স্থানীয় ৰাইজে আৰক্ষীক ঘেৰাও কৰি জবাবদিহি কৰে যদিও ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পলায়ন কৰে । লগে লগে ৰাইজে আহত সকলক চিকিৎসালয়ত প্ৰেৰণ কৰে । আহত সকলৰ মাজত দুজনৰ অৱস্থা সংকটজনক । 

লগতে পঢ়ক:কালিকা লগা শনিবাৰ : নুমলীগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত 1 আহত 2

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.