thumbnail

By

Published : Aug 12, 2023, 7:12 PM IST

ETV Bharat / Videos

Nalbari Hari Mandir tense: নলবাৰীৰ হৰিমন্দিৰ সমিতিৰ সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি; মন্ত্ৰীৰ উপস্থিতিতে মাৰপিট

নলবাৰী, 12 আগষ্ট: নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰৰ প্ৰাঙ্গণত শনিবাৰে নতুন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভাৰ আয়োজন কৰা হয় ৷ সাধাৰণ সভাখন চলি থকাৰ মাজতে দুটা পক্ষৰ মাজত এক বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ দুয়ো পক্ষৰ মাজত হোৱা অঁৰিয়া-অঁৰিক লৈ হৰিমন্দিৰ প্ৰাঙ্গণত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।  

এটা পক্ষৰ আক্ৰমণত প্ৰহৃত হয় হৰিমন্দিৰ সমিতিৰ আজীৱন সভ্য নিবাৰণ কলিতা ৷ উল্লেখযোগ্য যে , নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যেই ভংগ কৰি দিছিল হৰিমন্দিৰ পৰিচালনা সমিতি । আজি প্ৰশাসনৰ নিৰ্দেশ মৰ্মে নগেন ডেকা আৰু মদন মালাকৰে আহ্বান কৰিছিল এখন সাধাৰণ সভাৰ । জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ সভাপতিত্বত হৈছিল আজিৰ সাধাৰণ সভাখন  ।

উক্ত সভাত উপস্থিত আছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ বিৰোধিতাৰ বাবে নিবাৰণ কলিতাক আক্ৰমণ কৰাৰ কথা পোহৰলৈ আহিছে। জানিব পৰামতে সাংবাদিকে সাক্ষাৎকাৰ লৈ থাকোতে ব্যক্তিগৰাকীয়ে কেমেৰাৰ আগত মিছা অভিযোগ তোলা বুলি দাবী কৰি একাংশই তেওঁৰ সৈতে বাক-যুদ্ধত লিপ্ত হয়। তাৰ পিচতেই একাংশ উপস্থিত লোকে নিবাৰণ কলিতা নামৰ লোকজনক আক্ৰমণ কৰে ।

লগতে পঢ়ক: Yarn Bank for Weavers: সূতা বেংকত শূন্য সূতা ! শিপিনীসকলক স্বনিৰ্ভৰশীল কৰাৰ নামত প্ৰৱঞ্চনা চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.