Tense situation during Ifter: ধূপগুৰি জামে মছজিদৰ ইফটাৰ মেহফিলত উত্তপ্ত পৰিস্থিতি - ইফটাৰ মেহফিলত উত্তপ্ত পৰিস্থিতি
🎬 Watch Now: Feature Video
ধিং, 8 এপ্ৰিল : ৰমজান মাহৰ ৰোজা আৰু ইফটাৰৰ পবিত্ৰতা ৰক্ষা কৰিব পৰা নাই ধূপগুৰি অঞ্চলৰ একাংশ লোকে । আজি অৰ্থাৎ শনিবাৰে পবিত্ৰ ৰোজাৰ ইফটাৰ মেহফিলৰ আয়োজন কৰা হয় ধূপগুৰি জামে মছজিদত ৷ ইফটাৰৰ পিচত সংঘটিত হয় এক অবাঞ্চিত ঘটনা (Tense situation at Dhupguri Jame Mosque Iftar gathering) । ইফটাৰৰ পিচতে এমৰাদুল ইছলামৰ নামৰ এজন লোকে কৰে অভব্য আচৰণ ৷ যাৰ ফলত একাংশ লোকৰ সৈতে এমৰাদুল ইছলামৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷
জানিব পৰা মতে, শনিবাৰে ধূপগুৰি জামে মছজিদত ইফটাৰ গ্ৰহণ কৰিবলৈ উপস্থিত হয় সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰা ৷ সাংসদ গৌৰৱ গগৈক লগ কৰিবলৈ আহিছিল অভিযুক্ত এমৰাদুল ইছলামে ৷ কিন্তু নামাজৰ পাচতো সাংসদগৰাকীক সমষ্টিটোত দেখা নোপোৱাৰ বাবে এমৰাদুল ইছলামে সৃষ্টি কৰে এক হুলস্থূলীয়া পৰিৱেশৰ (Tense situation at Iftar gathering)৷ নিজকে এজন কংগ্ৰেছ কৰ্মী বুলি দাবী কৰা এমৰাদুলে ইছলামৰ এনে অভব্য আচৰণৰ বাবে ক্ষোভিত হৈ পৰিছে এতিয়া ধূপগুৰি অঞ্চলৰ ৰাইজ ৷
লগতে পঢ়ক : Jorhat murder case : ঘাতকৰ ৰূপত ভাতৃ; সামান্য কথাতেই ঘপিয়াই হত্যা কৰিলে ককায়েকক