Tense Situation: চোৰৰ উপদ্ৰৱ, ৰাইজৰ ৰোষত পৰিল চোৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 4:34 PM IST

thumbnail

মৰাণ, 8 ছেপ্টেম্বৰ : অসমীয়াত এষাৰ কথা আছে, চোৰৰ দহদিন গৃহস্থৰ এদিন। এটা চোৰক লৈ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বালিজান গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিগত বহুদিন ধৰি অঞ্চলটোত চোৰে তাণ্ডৱ চলাই বিভিন্ন ধৰণৰ চুৰিকাৰ্য সংঘটিত কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে গাঁৱৰ লোকে ৷ 

বৃহস্পতিবাৰে বালিজানৰ এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ টিউবেল চুৰি হোৱাৰ পিচতেই গাঁৱৰ ৰাইজে একলগ হৈ হাতে লোটে চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে ৷  ইফালে চোৰটোক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ অহা কৰিবলৈ আৰক্ষীকো জবাবদিহি কৰে গাঁৱৰ ৰাইজে ৷ ৰাইজৰ অভিযোগ অনুসৰি ড্ৰাগছ সেৱনৰ বাবে ধনৰ অভাৱ হ'লেই একাংশ যুৱকে চুৰিকাৰ্যত জড়িত হৈ পৰে। ফলত চাবুৱা অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা ।

লগতে পঢ়ক: Theft at Moinbari Satra: মইনবড়ী সত্ৰত চুৰিকাণ্ড; ৰাধা-কৃষ্ণৰ মূৰ্তি লুট, ছিন্ন বিছিন্ন হনুমানৰ মূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.