অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতিল তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 3:33 PM IST

thumbnail

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতিছে । শুকুৰবাৰে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় । এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী, কেচিআৰ চিকিৎসালয়ৰ পৰা নন্দী নগৰত থকা তেওঁৰ বাসগৃহলৈ যাব ।

উল্লেখ্য যে শেহতীয়া তেলেংগানা নিৰ্বাচনত শাসন ক্ষমতা হেৰুৱাইছে তেলেংগানাৰ প্ৰথম মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে । নিৰ্বাচনৰ ফলাফলৰ পিছত যোৱা ৮ ডিচেম্বৰত বিআৰএছৰ মুৰব্বীগৰাকী এক দুৰ্ঘটনাত পতিত হয় । তেওঁ বাসগৃহত পৰি যোৱাৰ ফলত ভৰিৰ হাড় ভাঙে । যাৰ বাবে তেওঁক হায়দৰাবাদস্থিত ব্যক্তিগত ছুপাৰ-স্পেচিয়েলিটি চিকিৎসালয়ত বাঁও আঁঠুৰ সম্পূৰ্ণ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয় । আনহাতে, সেই সময়ত চিকিৎসালয় কৰ্তৃপক্ষই জনাইছিল যে কেচিআৰে ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰাৰ সম্ভাৱনা আছে ।

ইফালে তেওঁৰ দুৰ্ঘটনাৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈ থকা কেচিআৰক তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু তেওঁৰ কেবিনেটৰ কেইগৰাকীমান সতীৰ্থ, টিডিপিৰ সভাপতি এন চন্দ্ৰবাবু নাইডু, ছুপাৰষ্টাৰ চিৰঞ্জীৱী আৰু অভিনেতা প্ৰকাশ ৰাজকে ধৰি কেইবাগৰাকীও নেতা আৰু বিশিষ্ট ব্যক্তিয়ে চিকিৎসালয়ত সাক্ষাৎ কৰে ।

লগতে পঢ়ক :ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভজনলাল শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.