Lightning strikes at Barpeta road: বৰপেটাৰোডৰ কাটাঝাৰত বজ্ৰ পৰি আহত চাৰি কিশোৰ-কিশোৰী - বজ্ৰ পৰি আহত চাৰি কিশোৰ কিশোৰী
🎬 Watch Now: Feature Video


Published : Sep 12, 2023, 12:21 PM IST
বৰপেটাৰোড, 12 ছেপ্টেম্বৰ : বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰত অঘটন ৷ সোমবাৰে বিয়লি অহা বহাত-বৰষুণৰ লগতে বজ্ৰ পৰি আহত হৈছে চাৰিগৰাকীকৈ কিশোৰ-কিশোৰী ৷ আহতসকলক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী পৰ্যায়ত অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে আহত চাৰিওজনকে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
বজ্ৰ পৰি আহত হোৱা কেইজন হ’ল, ৰূপালী দাস, সাগৰ গুহ, জগন্নাথ দাস, সুস্মিতা সৰকাৰ ৷ আহতৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, কাটাঝাৰ গাঁৱৰ গাঁওবুঢ়া নেপাল দাসৰ ঘৰত অনুষ্ঠিত হৈছিল এক ধৰ্মীয় অনুষ্ঠান ৷ গাঁৱৰ অন্য লোকৰ দৰে এই ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খাবলৈ গৈছিল ৰূপালী দাস, সাগৰ গুহ, জগন্নাথ দাস, সুস্মিতা সৰকাৰো ৷
কিন্তু তেনে সময়তে হঠাৎ আহে বতাহ-বৰষুণ ৷ বতাহ-বৰষুণৰ মাজতে বজ্ৰ পৰি উক্ত স্থানতে আঘাতপ্ৰাপ্ত হয় চাৰি কিশোৰ-কিশোৰী ।
লগতে পঢ়ক : Dibrugarh murder case : হত্যাৰ পূৰ্বে যুৱতীৰ সৈতে ধাবাত সুৰাপান কৰিছিল আজিজে; পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য