Teenage girl torture in Tinsukia : বনকৰা কিশোৰীৰ গাত গৰম পানী ঢালি আটক আটছা নেতা - Teenage girl abused in Tinsukia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 8, 2023, 2:22 PM IST

তিনিচুকীয়া, ৮ আগষ্ট : তিনিচুকীয়া জিলাৰ কাকপথাৰত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ এইবাৰ এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে ৷ ছাত্ৰ নেতাগৰাকীয়ে বনকৰা কিশোৰীৰ শৰীৰিৰত গৰম পানী ঢলাৰ অভিযোগ উত্থাপন হৈছে । ভুক্তভোগী কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত উল্লেখ কৰিছে সমগ্ৰ শিহৰণকাৰী ঘটনাৰ বিৱৰণ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠিক সম্পাদক মনেশ্বৰ চাওৰাৰ ঘৰত কৰ্মৰত হিচাবে আছিল  ডিব্ৰুগড়ৰ মৰাণৰ পথালিবামৰ এগৰাকী বাৰ বছৰীয়া কিশোৰী ৷ সামান্য কথাতেই দীৰ্ঘদিনৰ পৰা বনকৰা কিশোৰীগৰাকীক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷

অন্যদিনাৰ দৰে এটা সামান্য কথাতে দৰজি উঠি সোমাবাৰে পুৱা বনকৰা কিশোৰীগৰাকীৰ হাতত ঢালি দিয়ে গৰম পানী ৷ তাৰ পাচতেই কিশোৰীগৰাকীয়ে যন্ত্ৰণাত চিঞয়-বাখৰ কৰিবলৈ লয় ৷ এই ঘটনাৰ পাচতেই অঞ্চলজুৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ তাৰ পাচত সোমবাৰে নিশা কাকপথাৰ আৰক্ষীৰ আটছা নেতা মনেশ্বৰ চাওৰাক আটক কৰি আৰম্ভ কৰে ঘটনাৰ তদন্ত ৷

আনকি এই ঘটনাৰ পাচতেই বনকৰা কিশোৰীগৰাকীক মনেশ্বৰ চাওৰাৰ পত্নীয়েও শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, মনেশ্বৰ চাওৰাৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী ৷ এগৰাকী শিক্ষয়িত্ৰী আৰু এজন ছাত্ৰ নেতাৰ এনে কৰ্মকাণ্ডই লজ্জিত কৰিছে এতিয়া সকলোকে ৷

লগতে পঢ়ক : Teenage abused: খোদ আৰক্ষী বিষয়াৰ বাসগৃহত বনকৰা নাবালিকাক নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.