Teachers Day in Nalbari:নলবাৰীৰ নাট্যমন্দিৰত বিশ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা - ড৹সৰ্বপল্লী ৰাধাকৃষ্ণণ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 6:01 PM IST

নলবাৰী, ৫ ছেপ্টেম্বৰ: আজি শিক্ষক দিৱস । ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড৹সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনত আয়োজিত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰীতো উদযাপন কৰা হয় শিক্ষক দিৱস । জিলা প্ৰশাসনৰ পৰা শিক্ষকৰ ঘৰে ঘৰে গৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰাৰ লগতে ফুলাম গামোচাৰে জনালে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ বিশ গৰাকী কৃতী শিক্ষকক জনোৱা হয় সম্বৰ্ধনা । সমান্তৰালকৈ নলবাৰীৰ নাট্যমন্দিৰত শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা হয় । নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে জিলা আয়ুক্ত বৰ্ণালী ডেকা ,জিলা শিক্ষা বিষয়া জয়ন্ত ঠাকুৰীয়া,জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকা আদিয়ে শিক্ষগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰে ।

ইপিনে, নাট্যমন্দিৰত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাত উপস্থিত থাকি জিলাখনৰ আয়ুক্ত বৰ্ণালী ডেকাই প্ৰজ্ঞা নগৰী নলবাৰীৰ গুণগত শিক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰে । লগতে বিশিষ্ট শিক্ষাবিদ ড৹ দীনেশ বৈশ্যই বক্তৃতা প্ৰদান কৰে ।

লগতে পঢ়ক:Contractual employees: জীৱন-জীৱিকা ৰক্ষাৰ স্বাৰ্থত ডাক বিভাগৰ অংশকালীন কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.