যৌন নিৰ্যাতন চলায় ৰঙাঘৰৰ আলহী হ’ল লম্পট শিক্ষক - মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত কটাহবাৰীত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2022, 9:44 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ছাত্ৰীক যৌন নিৰ্যাতন চলায় ৰঙাঘৰৰ আলহী হ’ল এজন শিক্ষক । মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত কটাহবাৰীত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা (Teacher arrested for allegedly molest minor)। টিউচন কৰিবলৈ অহা শিক্ষকে ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে (Molestation case in Guwahati)। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গড়চুক থানাত এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত ২৪২/২২ নম্বৰত গোচৰ ৰুজু কৰি নিশা লম্পট শিক্ষক মইনুল আলীক (৪৪) গ্ৰেপ্তাৰ কৰি জেল হোজোতলৈ প্ৰেৰণ কৰে । ঘৰত কোনো নথকাৰ সুযোগ বুজি ১০ বছৰীয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ । ধৃত লম্পট শিক্ষকজন কটাহবাৰীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ৰ স্কুলৰ শিক্ষক হিচাপে কৰ্মৰত । বিগত ৩ মাহ ধৰি ভুক্তভোগী ছাত্ৰীগৰাকীক টিউচন পঢ়াই আছিল লম্পট শিক্ষকজনে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.