Tea Garden Workers Protest: দুমাহ ধৰি চাহ শ্ৰমিকক দৰমহা নিদিয়াৰ ক্ষোভ - দুমাহ ধৰি চাহ শ্ৰমিকক দৰমহা নিদিয়াৰ ক্ষোভ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:34 PM IST

গোলাঘাট,৬ নৱেম্বৰ: গোলাঘাটত চাহ শ্ৰমিকৰ মজুৰি আদায় দিয়াৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ তীব্ৰ প্ৰতিবাদ । এপেক্স বেংকৰ বিত্তীয় কেলেংকাৰীৰত জড়িত ৰাজেশ বাজাজৰ এই দুখনকৈ চাহ বাগিচা শ্ৰমিক দুমাহ ধৰি দিয়া নাই দৰমহা । নাই ৰেচন, নাই কোনো সুবিধা । যাৰ ফলত এতিয়া মালিকপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ চাহ শ্ৰমিকৰ । জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সোমবাৰে জিলা আয়োক্ত কাৰ্যালয় সন্মুখত দুয়োখন বাগিচাৰ হাজাৰ হাজাৰ শ্ৰমিকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । 

দুই বাগিচাৰ প্ৰায় ১৫০০ ৰো অধিক শ্ৰমিকে মজুৰি আদায় নিদিয়াত এতিয়া ভোকে লঘোণে দিন কটাবলগীয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত মালিক পক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদৰ জৰিয়তে জিলা প্ৰশাসনক এক সপ্তাহৰ ভিতৰত চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাই অন্যথা পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Rice scam in Amguri:আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত সুলভ মূল্যৰ চাউলৰ কেলেংকাৰীৰ অভিযোগ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.