Tea workers protest in Dibrugarh: ভূমি পট্টা প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Jul 1, 2023, 2:19 PM IST

thumbnail

ডিব্ৰুগড়,১ জুলাই: ৰাজ্যৰ প্ৰতিখন চৰকাৰে এখনৰ পাছত আন এখন অভিলাষী আঁচনি চাহ বাগিচা শ্ৰমিকৰ বাবে ঘোষণা কৰিলেও আজিও সমস্যাৰে জৰ্জৰিত চাহ বাগিচাৰ শ্ৰমিকসকল । বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ভূমিহীন ৰাইজক ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজিও বহু চাহ শ্ৰমিক ৰাইজে লাভ কৰা নাই ভূমি পট্টা ।  

যাৰবাবে শুকুৰবাৰে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ গৃহ জিলা সোণাৰিত মাটিৰ পট্টা প্ৰদানৰ দাবীত আটছাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । চাহ জনগোষ্ঠীয় ৰাইজক অনতি পলমে ভূমি পট্টা প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে চাহ বাগিচাৰ শ্ৰমিকসকলে । সমাগত লোকসভা নিবাৰ্চনৰ পূৰ্বতেই চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান নকৰিলে শাসক দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক: Constituency delimitation : খিলঞ্জীয়াৰ স্বাৰ্থত ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.