Tea workers protest: চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫১ টকা কৰাৰ দাবীত উত্তাল প্ৰতিবাদ - মহা বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:30 AM IST

Updated : Aug 30, 2023, 12:31 PM IST

গুৱাহাটী, ২৯ আগষ্ট: অসমত শাসনলৈ বিজেপি চৰকাৰ অহাৰ পূর্বে ২০১৬ চনতেই বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা কৰাৰ প্ৰতিশ্ৰুতি দিছিল । মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দিনত ২০১৮ চনত পল্লৱলোচন দাস চাহ জনজাতি কল্যাণ আৰু শ্রমমন্ত্ৰী হৈ থকা সময়ত হোৱা চৰকাৰী বৈঠকত মজুৰি ৩৫১ টকা কৰাৰ কথা দোহাৰিছিল । কিন্তু দুর্ভাগ্যজনকভাৱে সেই প্রতিশ্রুতি আজিও পালন নকৰিলে বিজেপি চৰকাৰে । 

মঙলবাৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত মহা বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ শ্ৰমিক সকলে নিজৰ অধিকাৰৰ দাবীত ধৰ্ণাস্থলীত বিভিন্ন প্ৰতিবাদী শ্লোগানৰে আকাশ বতাহ উত্তাল কৰি তোলে । প্ৰতিবাদ কাৰীসকলে চাহ শ্রমিকে বাস কৰা ভূমিৰ পট্টা প্ৰদান কৰা, চাহ শ্রমিকক দৈনিক মজুৰি ৩৬১.০০ টকা আদায় দিয়া, চাহ উদ্যোগত এক লাখ নতুন স্থায়ী নিযুক্তি প্রদান কৰা, অস্থায়ী শ্রমিকক পেঞ্চন আৰু প্ৰসূতিকালীন ভাট্টা প্ৰদান কৰা, বৰাক-ব্ৰহ্মপুত্ৰৰ চাহ শ্ৰমিকক সমান মজুৰি প্ৰদান কৰা,অসমৰ আদিবাসী লোকক জনজাতিৰ মর্যাদা প্রদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত চচলৰ ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Tea workers wage: প্ৰাপ্য মজুৰিৰৰ পৰা বঞ্চিত অসমৰ ১১ লাখ চাহ শ্ৰমিক

Last Updated : Aug 30, 2023, 12:31 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.