দৰমহাসহ বকেয়া বিচাৰি বঞ্চিত শ্ৰমিক নামিল ৰাজপথত

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:07 PM IST

thumbnail

যোৰহাট, 28 ডিচেম্বৰ : বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ ৷ কৰিলে পথ অৱৰোধ । চাহ শ্ৰমিকৰ কাষত নাই বিধায়ক ৰূপজ্যোতি কুৰ্মী । মৰিয়নী গোহাঁইবাৰী  আছাৰ উদ্যোগত বৃহত্তৰ চাহ শ্ৰমিকে অৱৰোধ কৰিলে ব্যস্ততাপূৰ্ণ পথ । তাৎপৰ্যপূৰ্ণ যে, অসম চাহ নিগমৰ অধীনত থকা নাগিনীজান চাহ-বাগিচা জালিংগা নামৰ ব্যক্তিগত টি কোম্পানীক গতাই দিয়াৰ পিচৰ পৰাই সহস্ৰাধিক শ্ৰমিকে নিজৰ প্ৰাপ্য দৰমহা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । ফলত বাগিচাখনৰ শ্ৰমিকক নৱেম্বৰ মাহৰ পৰা অনাদায় হৈ থকা দৰমহাসহ বকেয়া আদায়ৰ দাবীত আছাৰ উদ্যোগত বঞ্চিত শ্ৰমিকে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, জালিংগা টি কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে নাগিনীজান চাহ-বাগিচাকে আদি কৰি কেইবাখনো চাহ-বাগিচা অসম চাহ কোম্পানীৰ পৰা লিজত লোৱা পিচৰ পৰাই কৰ্মৰত শ্ৰমিকসকলে প্ৰাপ্য বিচাৰি বিভিন্ন সময়ত প্ৰতিবাদ আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে ৷ তাৰ পিচতো গা লৰা নাই উক্ত প্ৰতিষ্ঠানটোৰ । এই সপ্তাহত লাঞ্চিত আৰু বঞ্চিত চাহ শ্ৰমিকসকলৰ কাষত থিয় দি লোকসভাৰ মজিয়াত উক্ত বিষয়টো উপস্থাপন কৰা হ’ব বুলি গৌৰৱ গগৈয়ে আশ্বাস দি যায় ।

লগতে পঢ়ক : বঞ্চিত-প্ৰতাৰিত চাহ শ্ৰমিকক সান্তনা সাংসদ গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.