ETV Bharat / state

এডভাণ্টেজ আছাম বাকী আৰু ফাঁকিৰ জুমলাবাজী : মীৰা বৰঠাকুৰ - MIRA BORTHAKUR CRITICIZED BJP

সোণাৰিৰ ৰাজীৱ ভৱনত আয়োজন জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসভা ৷ এই সভাত অংশগ্ৰহণ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷

Mira Borthakur Goswami criticized Assam BJP
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ (@borthakur_mira)
author img

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 7:56 PM IST

ডিব্ৰুগড় : ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । শাসক দল বিজেপিয়ে মণ্ডল, জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ নেতৃত্ব সাল-সলনি কৰি সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে ।

মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলৱৎ হ'ব বুলি ঘোষণা কৰা পাছতেই মূল বিৰোধী দল কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে সাংগঠনিক কাম-কাজ যুদ্ধকালীনভাৱে আৰম্ভ কৰিছে ।

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ (ETV Bharat)

ইয়াৰ মাজতে বুধবাৰে চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ টীয়ক ৰজাবাৰীত অৱস্থিত ৰাজীৱ ভৱনত জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসভাৰ আয়োজন কৰা হয় । এই সভাত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে অংশগ্ৰহণ কৰি চৰাইদেউ জিলাখনৰ মহিলা কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ বুজ লয় ।

সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে চৰাইদেউ জিলা মহিলা কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি ভাল লাগিল বুলি মন্তব্য কৰে । তেওঁ কয়, ‘‘যি ধৰণেৰে মহিলা সকলে সহযোগিতা কৰিছে এই শক্তিয়ে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ২৬ বিধানসভা নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ম ।’’

Mira Borthakur Goswami criticized Assam BJP
জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসভা (ETV Bharat)
  • বিজেপিয়ে ধাৰৰ ওপৰত ধাৰ লৈ মহিলাক আঁচনি দিছে :

চৰাইদেউ জিলা মহিলা কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি শাসনাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । তেওঁ কয়, ‘‘আঁঠুৱা, কম্বল আৰু কম দামৰ বস্তু মহিলাক কংগ্ৰেছ চৰকাৰে দিছিল । কিন্তু আজিৰ তাৰিখত ধাৰৰ ওপৰত ধাৰ বৃদ্ধি কৰি বিজেপিয়ে আঁচনি দিছে । কংগ্ৰেছ দলৰ অৰ্থনৈতিক পৰিকল্পনা আছিল, সেয়ে কম দামৰ বস্তু দিয়াৰ লগতে মহিলাক আঁচনি দিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি দিছে ঠিকেই কিন্তু আঁচনি দিয়াৰ বিপৰীতে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে ।’’

  • এডভান্টেজ আছাম বাকী আৰু ফাঁকিৰ জুমলাবাজী :

‘‘ভাৰতবৰ্ষৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত অসমক গঢ়ি তুলিবলৈ চেষ্টা চলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমত যাতে দেশ-বিদেশৰ বিনিয়োগকাৰী সংস্থাই বিনিয়োগ কৰিবলৈ আগবঢ়ি আহে তাৰবাবে অসম চৰকাৰে এডভাণ্টেজ আছাম ২.০ সন্মিলন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থাৰ গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে এডভাণ্টেজ আছাম ২.০ সন্মিলন অনুষ্ঠিত কৰিব লোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই দক্ষিণ কোৰিয়া আৰু জাপানৰ গৈ ব্যৱসায়ীসকলক এডভাণ্টেজ আছাম ২.০লৈ নিমন্ত্ৰণ কৰিছে । কিন্তু অসম চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এডভাণ্টেজ আছাম মানেই বাকী আৰু ফাঁকি ৷’’ এই দাবী কৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । পূৰ্বে অনুষ্ঠিত হোৱা এডভাণ্টেজ আছামৰ ৰিপোৰ্ট প্ৰকাশ কৰাৰ আহ্বান চৰকাৰক ।

লগতে পঢ়ক : দাদাই দিলেও বিধাতাই দিয়া নাই নেকি অসমৰ এগৰাকী ৰাজনৈতিক নেতাক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.