Tea Garden Workers Protest: শ্ৰমিকক মজুৰি নিদিয়াকৈ পলায়ন বাগিচাৰ পৰিচালকৰ, উত্তপ্ত পৰিস্থিতি - উত্তপ্ত পৰিস্থিতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 4:38 PM IST

যোৰহাট, 11 নৱেম্বৰ : শ্ৰমিকক মজুৰি নিদিয়াকৈ পলায়ন চাহ বাগিচাৰ পৰিচালকৰ ৷ শ্ৰমিকৰ প্ৰতিবাদত বাগিচাই বাগিচা সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত শ্ৰমিকক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন ৷

শনিবাৰে যোৰহাট জিলাৰ মৰিয়নীৰ কেইবাখনো চাহ বাগিচাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৷ শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াকৈ বাগিচাৰ পৰিচালকে পলায়ন কৰাৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, মৰিয়নীৰ চৈকটা, ঢেকিয়াজুলি, কাটনীবাৰী, নাগিনীজান, চটাই আদি কেইবাখনো চাহ বাগিচা অসম চাহ নিগমৰ অধীনত আছিল ৷ কিন্তু অসম চৰকাৰে এই চাহ বাগিচা কেইখন জালিংগা টি কোম্পানীক লিজত দিছিল আৰু এই কোম্পানীক চাহ বাগিচা কেইখনক লিজত দিয়াৰ 8 মাহ নওঁতেই কৰ্মৰত শ্ৰমিক সকলক প্ৰাপ্য মজুৰি নিদিয়াকৈ বাগিচাৰ পৰিচালকে পলায়ন কৰাৰ অভিযোগ তুলি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে শ্ৰমিক সকলে ৷  

বাগিচাত উত্তেজিত শ্ৰমিকক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ৷ বৰ্তমানেও বাগিচাৰ কলঘৰত শ্ৰমিক সকলে প্ৰাপ্য বেতন আদায় দিয়া দাবীৰে পৰিস্থিতি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Massive fire:দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত ভংয়কৰ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.