Tea garden workers protest : চামগুৰিৰ আমলখি চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - Amluckie Tea Estate
🎬 Watch Now: Feature Video


Published : Sep 16, 2023, 4:15 PM IST
চামগুৰি, 16 ছেপ্টেম্বৰ : চামগুৰিৰ আমলখি চাহ বাগিচাত তিনি শতাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ সমাগত কৰম পূজাত মজুৰিসহ চৰকাৰী বন্ধৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে ৷
শেহতীয়াকৈ শ্ৰম উন্নয়ন বিভাগে কৰম পূজাৰ দিনটোৰ বাবে ঘোষণা কৰিছিল চৰ্তভিত্তিক চৰকাৰী বন্ধ ৷ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধৰ বিনিময়ত চাহ শ্ৰমিক সকলে শ্ৰমদান কৰিব লাগিব সাপ্তাহিক বন্ধৰ দিনত ৷ কৰম পূজাৰ বাবে প্ৰদান কৰা চৰ্তভিত্তিক বন্ধক কেন্দ্ৰ কৰি ক্ষোভৰ উদ্গীৰণ চাহ শ্ৰমিকৰ মাজত ৷
কৰম পূজাৰ বন্ধক লৈ ভেকোভাওনা নকৰিবলৈ চৰকাৰক সকীয়নি অসম চাহ জনজাতি ছাত্র সন্থাৰ নগাওঁ জিলা সমিতিৰ । শীঘ্ৰেই চাহ শ্ৰমিক সকলক মজুৰিসহ কৰম পূজাৰ চৰকাৰী বন্ধ প্ৰদান নকৰিলে চামগুৰিৰ আমনিত আগন্তুক দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ আটছাৰ ৷
লগতে পঢ়ক : ATTSA protest against Assam Govt : ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দেৰগাঁৱত বাগিছাই বাগিছাই আটছাৰ প্ৰতিবাদ