thumbnail

By

Published : Feb 26, 2023, 1:25 PM IST

ETV Bharat / Videos

Talent Hunt Competition: শিৱসাগৰত প্ৰতিভাসন্ধানী প্ৰতিযোগিতা; 28 ফেব্ৰুৱাৰীত জুবিন গাৰ্গ-মানস ৰবীনৰ অনুষ্ঠান

শিৱসাগৰ, 26 ফেব্ৰুৱাৰী: 108 নং শিৱসাগৰ বিধানসভা সমষ্টিত বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) উদ্যোগত 18 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে এক প্ৰতিভা সন্ধানী প্ৰতিযোগিতা (Talent Hunt Competition in Sivsagar) ৷ এই সন্দৰ্ভত শনিবাৰে ৰংপুৰজ্যোতি ক্লাৱত আয়োজন কৰা হয় এক সংবাদমেল ৷  

সংবাদমেল সম্বোধন কৰি উদ্যোক্তা সমিতিৰ সভাপতি পি আৰ মিলিয়ে কয় যে, পঞ্চায়ত পৰ্যায়ত এই প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পাচত দেওবাৰৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ক্ৰীড়া,সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা ৷ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰ, পিয়লি ফুকন ষ্টেডিয়াম, দৰবাৰ খেল পথাৰ, গোঁহাই চুক নামঘৰ, মেলাচকৰ নামঘৰ আৰু জনজাতি কাৰ্যায়ত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাসমূহ ৷  

ইতিমধ্যে পঞ্চায়ত পৰ্যায়ত হৈ যোৱা প্ৰতিযোগিতাসমূহৰ পৰা দুজনকৈ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে দেওবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলিও সদৰী কৰে সংবাদমেলত ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাত বিজয়ীসকলক তেওঁলোকৰ পাৰদৰ্শী বিষয়ত উচ্চ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব ৷ এই কথা সংবাদমাধ্যমৰ আগত সদৰী কৰিছে প্ৰতিযোগিতাখনৰ উদ্যোক্তাই ৷  

এই প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত ফুটবল, ভলীবল, কাবাদী, দৌৰ, মাৰাথন, শ্বটফুট, ডিচকাচ থ্ৰ’, হাইজাম্প, লংজাম্প আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সেইদৰে সাহিত্য প্ৰতিযোগিতাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা, কবিতা আবৃত্তি, কুইজ, তৰ্ক আদি প্ৰতিযোগিতা আৰু সাংস্কৃতিক বিষয়ত বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, হুঁচৰি, বিহুৱতী, জেং বিহু, দিহা নাম, জিকিৰ, বিয়ানাম, ঢোল, গুমৰাগ আৰু ঐনিতম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷  

প্ৰতিযোগিতাৰ শেষত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব গায়ক জুবিন গাৰ্গ (Zubeen Garg) আৰু মানস ৰবীনে (Manash Robin)  । সংবাদমেলত ডাঃ প্ৰদীপ গগৈ, মনোজ ভাগৱতী, ব্ৰাজিল চুতীয়া, ৰূপা বৰা, মধুস্মৃতা স্বৰ্ণকাৰকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে ৷ 

লগতে পঢ়ক: Teenage Assaulted by Man: নামতিত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি 13 বছৰীয়া কিশোৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.