Tai Ahom culture: তিনিচুকীয়াৰ নগাজান বজালনীত টাই ভাষা আৰু নৃত্য-গীতৰ কৰ্মশালা

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:55 AM IST

thumbnail

তিনিচুকীয়া, 13 ছেপ্তেম্বৰ : বৰ্তমান বিভিন্ন কাৰণত হেৰাই যাবলৈ ধৰা টাই আহোমৰ ভাষা, নৃত্য, গীত পুনৰুজীৱিত বাবে প্ৰচেষ্টা ডয়-পাট-কাই সমাজৰ ৷ তিনিচুকীয়া জিলাৰ নগাজান বজালনী গাঁওবাসীৰ উদ্যোগত ডয়-পাট-কাই সমাজৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে নগাজানত 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হয় টাই ভাষা আৰু নৃত্য গীতৰ কৰ্মশালাৰ  ৷ যোৱা 5 ছেপ্টেম্বৰ পৰা 12 ছেপ্টেম্বৰ লৈকে অনুষ্ঠিত কৰা টাই ভাষা আৰু নৃত্য-গীতৰ কৰ্মশালা মঙলবাৰে সামৰণি পৰে ।  

স্থানীয় কণ কণ শিশু, জীয়াৰী আৰু বোৱাৰীয়ে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে । প্ৰশিক্ষণৰ যোগেদি টাই আহোমৰ প্ৰাৰ্থনা, নৃত্য, জাতীয় সংগীত, আদিৰ প্ৰশিক্ষণ দিয়াৰ অন্তত সকলোবোৰ প্ৰশিক্ষাৰ্থীক প্ৰদৰ্শন কৰিবলৈ দিয়া হয় । লগতে স্থানীয় অঞ্চলটোৰ বিভিন্ন গণ্য-মান্য ব্যক্তিসকলৰ উপস্থিতিত প্ৰত্যেক গৰাকী প্ৰশিক্ষাৰ্থীক সামৰণি অনুষ্ঠানত একোখনিকৈ প্ৰশিক্ষণ পত্ৰ প্ৰদান কৰা হয় । 

লগতে পঢ়ক: PDS Rice corruption: চৰকাৰী চাউল আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিল এজেণ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.