Taekwondo Championship in Guwahati: সৰুসজাইত টাইকোৱান্ডো চেম্পিয়নশ্বিপৰ আয়োজন - ১২ সংখ্যক জ্যেষ্ঠ পুমচাই প্ৰতিযোগিতা
🎬 Watch Now: Feature Video


Published : Sep 9, 2023, 8:40 PM IST
গুৱাহাটী, ৯ চেপ্টেম্বৰ :মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হৈছে টাইকোৱান্ডো চেম্পিয়নশ্বিপ । এই চেম্পিয়নশ্বিপত অনুষ্ঠিত কৰা হৈছে ৩৯ সংখ্যক ৰাষ্ট্ৰীয় জ্যেষ্ঠ ক্যোৰোগী আৰু ১২ সংখ্যক জ্যেষ্ঠ পুমচাই প্ৰতিযোগিতা । বহুকেইটা শাখাত অনুষ্ঠিত কৰা হৈছে এই চেম্পিয়নশ্বিপ। ভাৰতীয় টাইকোৱান্ডো সংস্থাৰ উদ্যোগত আৰু সদৌ অসম টাইকোৱান্ডো সংস্থাৰ সহযোগত অনুষ্ঠিত হৈছে এই চেম্পিয়নশ্বিপ ।
আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে বিভিন্ন ৰাজ্যৰ ১,২৮০ গৰাকী খেলুৱৈয়ে । উল্লেখ্য যে আগন্তুক অক্টোবৰ -নৱেম্বৰত গোৱাত অনুষ্ঠিত হ'বলগীয়া নেচনেল গেমচত অংশগ্ৰহণৰ সুযোগ পাব এই চেম্পিয়নশ্বিপত পদক পাবলৈ সক্ষম হোৱা খেলুৱৈ তথা বিজয়ীদলে। আজি অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে শদিয়াৰ বিধায়ক তথা সদৌ অসম টাইকোৱান্ডো সংস্থাৰ সভাপতি বলিন চেতিয়া প্ৰমুখ্যে ভাৰতীয় টাইকোৱান্ডো সংস্থাৰ বিষয়ববীয়াসকল। চেম্পিয়নশ্বিপৰ খেলসমূহ আৰম্ভ হোৱাৰ পূৰ্বে আজিৰ অনুষ্ঠানত সমৰ কলা প্ৰদৰ্শন কৰে ১৫ বাৰকৈ টাইকোৱান্ডো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মাষ্টাৰ প্ৰবীণ শইকীয়াই।