Bharat Tyag Anadolon: ভাৰত ত্যাগ আন্দোলনত প্ৰাণ আহুতি দিয়া ৩ গৰাকী নাথ উপাধিৰ শ্বহীদক স্মৰণ - swahid divas

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:20 PM IST

জোনাই, ২০ ছেপ্টেম্বৰ: ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ভাৰত ত্যাগ আন্দোলনত ঢেকিয়াজুলি থানাত বৃটিছ পতাকা দলিয়াই স্বৰাজৰ ত্ৰিৰংগা পতাকা উৰুৱালৈ গৈ বৃটিছ চিপাহীৰ গুলীত মৃত্যুবৰণ কৰা মনবৰ নাথ , খুহুলী দেৱী আৰু কুমলী দেৱীৰ লগতে মুঠ ১৩ গৰাকী শ্বহীদক স্মৰণ ৷ বুধবাৰে অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনী, নাথ যোগী ছাত্ৰ সন্থা, নাথ-যোগী জাতীয় পৰিষদ ,নাথ যোগী স্বায়ত্ব শাসন (উপগ্ৰহীয়)দাবী সমিতি ধেমাজি জিলা সমিতিৰ সহযোগত আৰু নাথ যোগী সন্মিলনীৰ দক্ষিণ ভৈৰৱপুৰ আঞ্চলিকৰ উদ্যোগত দক্ষিণ ভৈৰৱপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়।

শ্বহীদ দিৱসৰ পুৱা ৮ বজাত চাফাই অভিযানৰ পিছত সমাজকৰ্মী অনিল নাথৰ সহযোগত পতাকা উত্তোলন কৰে জিলা নাথ যোগী সন্মিলনীৰ সভাপতি কুশল নাথে। পুৱা ৮.৩০ বজাত নাথ যোগী উন্নয়ন পৰিষদৰ জিলা সদস্য সঞ্জয় নাথৰ সহযোগত শ্বহীদ তৰ্পন অনুষ্ঠান সম্পন্ন কৰে ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুমলি দেৱীৰ আজো নাতি সোনাৰাম নাথে । ইয়াৰ পাচতে শ্বহীদ সকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে নাথ যোগী ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক প্ৰসন্ন নাথৰ সহযোগত নাথ যোগী স্বায়ত্ত শাসন দাবী সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰসিক নাথে। 

এই সভাত স্থানীয় কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক গোটৰ লগতে গোগামুখ, ধেমাজি, চিমেন চাপৰি, জোনাই অঞ্চলৰ লগতে স্থানীয় বহু সংখ্যক গণ্য মান্য লোক উপস্থিত থাকে।

লগতে পঢ়ক: Atmanirbharshil Asom Abhiyan: ৰাজ্যৰ দুই লাখ নিবনুৱালৈ আগবঢ়োৱা হ'ব দুই লাখ টকাৰ আৰ্থিক অনুদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.