thumbnail

Swachh Paduli and Swachh Ward Award: মৰিগাঁৱত স্বচ্ছ পদুলি আৰু স্বচ্ছ ৱাৰ্ড বঁটা ঘোষণা

By

Published : Aug 3, 2023, 7:48 PM IST

মৰিগাঁও,৩ আগষ্ট: দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰথমবাৰলৈ মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাৰ স্বচ্ছ পদূলি আৰু স্বচ্ছ ৱাৰ্ড বঁটা ঘোষণা । মৰিগাঁও পৌৰসভাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । মৰিগাঁও নগৰখন সেউজীয়া আৰু স্বচ্ছতাৰ দিশত ৰাজ্যৰ ভিতৰতে যাতে আগস্থান লাভ কৰে ইয়াৰ বাবে প্ৰথমবাৰৰ বাবে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীৰ এই পদক্ষেপ ।  

ইয়াৰ দ্বাৰা মৰিগাঁও পৌৰবাসীৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতা লাভৰ বাবে অভিনৱ প্ৰদক্ষেপ গ্ৰহণ । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৪ আগষ্টত মৰিগাঁও পৌৰসভাই স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্বৰ ভিত্তিত এটি শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পদূলি বঁটাৰে সন্মানিত কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে ।

এই সন্দৰ্ভত মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে মন্তব্য কৰি কয় যে, মৰিগাঁও পৌৰসভাখন যাতে পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ বাবে সকলো ৱাৰ্ড, প্ৰতিটো পৰিয়ালে যাতে নিজৰ লগতে ৱাৰ্ডটোৰ স্বচ্ছতাৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰে ইয়াৰ বাবে স্বচ্ছ পদুলি আৰু স্বচ্ছ ৱাৰ্ড বঁটা ২০২৩ ঘোষণা কৰা হৈছে । 

লগতে পঢ়ক: Assam Tea Worker: চাহ শ্রমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা আদায় দিয়াৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ চি পি আই এম এলৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.