thumbnail

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:38 PM IST

ETV Bharat / Videos

Suspicious death of an Assamese boy:বহি:ৰাজ্যত পুনৰ অসমৰ যুৱকৰ অকাল মৃত্যু

যোৰহাট, 29 আগষ্ট : বহি:ৰাজ্যত পুনৰ অসম যুৱকৰ অকাল মৃত্যু । ভুক্তভোগী পৰিয়াল পৰা বহি:ৰাজ্যৰ আৰক্ষীয়ে মৃতদেহ পঠোৱাৰ নামত বিচাৰিলে উৎকোচ ৷ বহি:ৰাজ্যত কৰ্মৰত যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমাৰ শুকানজানৰ বসন্ত চুতীয়া নামৰ ২০ বছৰীয়া এজন উদীয়মান যুৱকৰ আকস্মিক মৃত্যু ঘটে ৷ বসন্তৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

২৬ আগষ্টত মৃত্যু হয় যুৱকজনৰ । বসন্ত চুতীয়া নামৰ যুৱকজনে শনিবাৰে দিনৰ ভাগত জ্বৰ অনুভৱ কৰিছিল আৰু মাকক জ্বৰৰ বিষয়ে অৱগতও কৰিছিল ৷ জ্বৰ হৈছে বুলি খবৰ লাভ কৰাৰ পিছতেই ৰহস্যজনকভাৱে নিশালৈ পৰিয়ালে মৃত্যু হৈছে বুলি জানিব পাৰে । হাহাকাৰ লাগে পৰিয়ালটোত ৷

কৰ্ণাটক আৰক্ষীৰ হেমাহি আৰু অকমৰ্নণ্যতাৰ বাবে বসন্ত চুতীয়াৰ নশ্বৰ দেহ নিজ জন্মভূমিলৈ আনিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে । বেংগালুৰুৰ আৰক্ষীয়ে যুৱকজনৰ মৃত্যু সংক্ৰান্তীয় কাম-কাজবোৰ কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ মতে, মৃত বসন্ত চুতীয়াৰ মৃত্যু সংক্ৰান্তীয় কাম-কাজৰ বাবে আৰু মৃতদেহ ওভতাই পঠিওৱাৰ নামত বেংগালুৰুৰ আৰক্ষীয়ে ৩০ ৰ পৰা 40 হাজাৰ টকা উৎকোচ বিচাৰিছে ভুক্তভোগী পৰিয়ালৰ পৰা । যাৰ বাবে এতিয়া চিন্তাত পৰিছে পৰিয়ালৰ লোক । এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে তেওঁলোকে । বেংগালুৰু আৰক্ষীৰ এনে কৰ্ম কাণ্ডক ধিক্কাৰ জনাইছে তিতাবৰবাসী ৰাইজে ।

লগতে পঢ়ক : Girl mysterious death: প্ৰেমিকৰ সৈতে ব’ল বমলৈ গৈ ৰহস্যজনক মৃত্যু যুৱতীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.