Suspected Person at Kalgachia: কলগাছিয়াত নাৰীৰূপী নৰৰ আতংক, নিশা শোৱনি কোঠাত প্ৰৱেশ

By

Published : Jun 13, 2023, 4:45 PM IST

thumbnail

কলগাছিয়া, 13 জুন : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰাত সোমবাৰে সন্ধিয়া নাৰীৰ বেশত থকা এজন অচিনাক্ত মানুহৰ বাবে ত্ৰাসৰ সৃষ্টি হয় ৷ নাৰীৰ ৰূপত থকা সন্দেহজনক মানুহজন নাৰী নে পুৰুষ সেয়া জানিব পৰা হোৱা নাই ৷ 

ঘটনা অনুসৰি সন্ধিয়া সাওৰাচৰা ৰিজাৰ্ভ গাঁৱৰ আজিম উদ্দীন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ থকা কোঠাত কোনো নথকাৰ সময়তে মুখত মেক আপ থকা নাৰীৰ ৰূপধাৰী মানুহগৰাকী প্ৰৱেশ কৰিছিল ৷ 

পৰৱৰ্তী সময়ত আজিম উদ্দীনৰ দুই কন্যাই কোঠাত সোমাই বৈদ্যুতিক বাল্ব জ্বলোৱাৰ লগে লগে নাৰী ৰূপধাৰী মুখত মেক আপ থকা মানুহজনক বিছনাত শুই থকা প্ৰত্যক্ষ কৰাৰ লগে লগে আজিম উদ্দীনৰ কন্যা দুগৰাকীয়ে ভয়ত চিঞৰি অচেতন হৈ পৰে ৷ লগে লগে ওচৰ চুবুৰীয়া লোক উপস্থিত হৈ নাৰীৰ ৰূপধাৰী সন্দেহযুক্ত মানুহজনক আটক কৰি ৰচীৰে বান্ধি ৰাখে ৷  

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰভিটা আৰক্ষী উপস্থিত হৈ নাৰীৰ বেশত থকা সন্দেহযুক্ত মানুহজনক বৰভিটা আৰক্ষী চকীত লৈ যায় ৷ পিচে অনুমান নিশা 10 বজাত ৰাইজে আৱদ্ধ কৰি ৰখাৰ সময়ত ৰাইজৰ লগতে সাংবাদিকে সোধ-পোছা কৰিও কোনো উত্তৰ নাপায় ৷ পিচে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে নিজে নিজে গৈ আৰক্ষীৰ গাড়ীত বহে ৷  

ইফালে, একাংশ ৰাইজে নাৰীৰ ৰূপধাৰী মানুহজনক অপহৰণকাৰী বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে আন একাংশই মানসিক বিকাৰগ্ৰস্ত বুলি দাবী কৰিছে ৷ 

লগতে পঢ়ক: Bengaluru sensational murder : মাতৃৰ মৃতদেহসহ থানাত আত্মসমৰ্পণ কন্যাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.