ETV Bharat / bharat

মণিপুৰত ৯০০ কুকি উগ্ৰপন্থী প্ৰৱেশৰ বাতৰিৰ নিশ্চিতি প্ৰদান, অপহৰণকাৰীৰ কৱলত মন্ত্ৰীৰ ব্যক্তিগত সহায়ক - Manipur Violence - MANIPUR VIOLENCE

Kuki militants in Manipur : মণিপুৰত প্ৰৱেশ কৰিছে 900 কুকি উগ্ৰপন্থীয়ে ৷ চোৰাংচোৱাৰ তথ্যক মানি লৈছে গৃহ মন্ত্ৰণালয়ে ৷ একে সময়তে অপহৰণকাৰীৰ কৱলত পৰিছে মন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৷

Kuki militants in Manipur
মণিপুৰত অপহৰণকাৰীৰ কৱলত মন্ত্ৰীৰ ব্যক্তিগত সহায়ক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 10:57 PM IST

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : হিংসাজৰ্জৰ মণিপুৰত 900 কুকি উগ্ৰপন্থীয়ে প্ৰৱেশ কৰা তথ্যই পুনৰ শংকিত কৰি তুলিছে ৰাজ্যবাসীক ৷ এই খবৰৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে ৷ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয় যে 900 কুকি উগ্ৰপন্থীয়ে ৰাজ্যখন প্ৰৱেশ কৰাৰ বাতৰি সত্য ৷ চোৰাংচোৱা সংস্থাই দিয়া এই তথ্য গুৰুত্ব সহকাৰে লোৱা হৈছে ৷ যেতিয়ালৈকে এই তথ্য মিছা বুলি প্ৰমাণিত নহ’ব, তেতিয়ালৈকে সঁচা বুলিয়েই ভাবি থাকিব বুলি কয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ৷ তেওঁ লগতে এইটোও জনাই যে উক্ত 900 উগ্ৰপন্থী ম্যানমাৰৰ পৰা প্ৰৱেশ কৰিছে মণিপুৰত ৷ তদুপৰি তেওঁলোক গেৰিলা যুদ্ধৰ ড্ৰ'ন চলোৱাত পাকৈত বুলিও জনাই কুলদীপ সিঙে ৷

এই খবৰে ৰাজ্যখনত উদ্বেগৰ সৃষ্টি কৰি থকাৰ সময়তে শুকুৰবাৰে সংঘটিত হ’ল এক অপহৰণকাণ্ড ৷ অপহৰণকাৰীৰ কৱলত পৰিল ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৷ শুকুৰবাৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে পূৱ ইম্ফল জিলাৰ নিজা বাসগৃহৰ পৰাই অপহৰণ কৰি লৈ গ’ল ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ব্যক্তিগৰত সহায়কক ৷ শুকুৰবাৰে পুৱাই অপহৰণকাৰীৰ কৱলত পৰা ব্যক্তিগত সহায়কজন সাৰংথেম সোমাৰেন্দ্ৰ ৷ কৰ্তব্যৰ বাবে ওলাই যোৱাৰ অৱস্থাতে অপহৰণকাৰীৰ কৱলত পৰা সাৰংথেম সোমাৰেন্দ্ৰ মণিপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী লেইচাংথেম চুচিন্দ্ৰো মেইটেইৰ ব্যক্তিগত সহায়ক ৷

এই অপহৰণকাণ্ডৰ খবৰ নিশ্চিত কৰি মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰু কৰিছে ৷ অপহৰণকাণ্ড সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে চলোৱা অভিযানে গতি লাভ কৰা বুলিও নিৰাপত্তা উপদেষ্টাগৰাকীয়ে জানিবলৈ দিছে ৷ ইফালে শুকুৰবাৰে পুৱা সংঘটিত এই অপহৰণকাণ্ডৰ দায়িত্ব কোনো ব্যক্তি অথবা গোটে এই বাতৰি প্ৰস্তুতৰ সময়লৈকে স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক : সোনকালেই সম্পূৰ্ণ কৰিব লাগে ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰ নিৰ্মাণ কাম : কেইশাম মেঘাচন্দ্ৰ সিং

অশান্তজৰ্জৰ মণিপুৰৰ পূব ইম্ফলত উদ্ধাৰ ৭ টাকৈ আই ই ডি

অধিকাৰ বিচাৰি কুকি-মাৰসহ কেবাটাও জনজাতিৰ প্ৰতিবাদ জিৰিবামত: আৰক্ষীৰ শূন্যলৈ গুলীচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.