Athletics Camp at Kaliabor: কলিয়াবৰত গ্ৰীষ্মকালীন এথেলেটিকছ প্ৰশিক্ষণ শিবিৰ - এথেলেটিকছ প্ৰশিক্ষণ শিবিৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-07-2023/640-480-18917130-thumbnail-16x9-ko.jpg)
কলিয়াবৰ, 5 জুলাই: কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত নাগশংৰস্থিত ডাঃ টি. আও ষ্টেডিয়ামত আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন এথেলেটিকছ প্ৰশিক্ষণ শিবিৰ ৷ শতাধিক প্ৰশিক্ষাৰ্থীৰে পোন্ধৰ দিনীয়া এই গ্ৰীষ্মকালীন এথেলেটিকছ প্ৰশিক্ষণ শিবিৰ কলিয়াবৰৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে আয়োজন কৰিছে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই ৷
গ্ৰীষ্মৰ সময়ছোৱাত কলিয়াবৰৰ বহুকেইখন বিদ্যালয়ৰ শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া শিবিৰটোত প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰে ক্ৰমে ধেমাজিৰ হিতেন্দ্ৰ নাথ পেগু, লখিমপুৰৰ কুমাৰ দেদিলেছ দাস, কলিয়াবৰৰ দেৱ প্ৰতীম গগৈ আৰু জুৰি বসুমতাৰীয়ে ৷ উল্লেখযোগ্য যে, এতিয়াও এখন মানসম্পন্ন খেল পথাৰৰ অভাৱৰ মাজতে, সীমিত সা-সুবিধাৰে কলিয়াবৰৰ পৰা ৰাজ্যিক পৰ্যায়ত কেইবাগৰাকীও খেলুৱৈয়ে কলিয়াবৰৰ হৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
শেহতীয়াকৈ, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতাত দহ কোটি টকা ব্যয় সাপেক্ষে ডাঃ টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনৰ এটা অংশ নিৰ্মীয়মান গেলাৰীসহ ফুটবল ষ্টেডিয়ামখন চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত খেলুৱৈৰ বাবে মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে সন্থাৰ বিষয়ববীয়াই ৷ কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমীৰো আশা, অনতি পলমে নিৰ্মীয়মান ডাঃ টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনখন সম্পূৰ্ণ হৈ উঠিব ৷