Golden baby league 2023: চৰাইদেউত ২২ জানুৱাৰীৰ পৰা চুকাফা গ'ল্ডেন বেবী লীগ

By

Published : Jan 17, 2023, 6:57 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অহা ২২ জানুৱাৰীৰ পৰা চৰাইদেউ জিলাৰ টেঙাপুখুৰীত অনুষ্ঠিত হ'ব চুকাফা গ'ল্ডেন বেবী লীগ (Suikafha golden baby league 2023)। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অনুমোদন ক্ৰমে চৰাইদেউ জিলাৰ টেঙাপুখুৰী অমৰজ্যোতি সংঘৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ (Assam Football Association) সহযোগত অহা ২২ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই চুকাফা গ'ল্ডেন বেবী লীগ ।

টেঙাপুখুৰী মুগা চুমনি খেলপথাৰত অনুস্থিত হ'ব চ্যুকাফা গ'ল্ডেন বেবী লীগ ফুটবল প্ৰতিযোগিতা । তিনিটা শাখাত এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব (Golden baby league to organized at Charaideo)। ৮ বছৰ, ১০ বছৰ আৰু ১২ বছৰ অনুৰ্ধৰ এই প্ৰতিযোগিতাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ খেলুৱৈসকলে অংশ ল'ব পাৰিব । অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰণে গগৈয়ে জনোৱা মতে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাই এই প্ৰতিযোগিতা আৰম্ভ কৰিছে ।

মঙলবাৰে টেঙাপুখুৰী অমৰজ্যোতি সংঘৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই প্ৰতিযোগিতাৰ বিষয়ে অৱগত কৰে কোষাধ্যক্ষগৰাকীয়ে । জানিব পৰা মতে প্ৰতিযোগিতাত চৰাইদেউ আৰু নাজিৰা জিলা ক্ৰীড়া সন্থাৰ অধীনৰ প্ৰায় ৫০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.