Ali Aye Lrigang of Mising community: চিলাপথাৰবাসীয়ে উলহ-মালহেৰে বিদায় জনালে আলি আঃয়ে লৃগাঙক - Ali Aye Lrigang closing ceremony in Silapathar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 27, 2023, 5:03 PM IST

জোনাই, 27 ফেব্ৰুৱাৰী : চিলাপথাৰৰ চিচিটঙানীত অনুষ্ঠিত কৰা হয় মিচিং জনগোষ্ঠীয় উৎসৱ আলি আঃয়ে লৃগাঙৰ বিদায় অনুষ্ঠান (Ali Aye Lrigang of Mising community) ৷ 26 ফেব্ৰুৱাৰীত এই অনুষ্ঠানৰ সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত ঐনিঃতম, গুমৰাগ, লত্তা চঃনাম, কাবানৰ ধ্বনিৰে মুখৰিত হৈ পৰে চৌপাশ (Ali Aye Lrigang festival) ৷    

অতীজৰে পৰা নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মিচিং ডেকাগাভৰু সকলে হিয়া উজাৰি অতি উলহ-মালহেৰে পালন কৰি আহিছে আলি আঃয়ে লৃগাং ৷ কিন্তু আজি পৰ্যন্ত মিচিং জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ মাজত একত্ৰিত কৰিব পৰা নাই গুমৰাগ, লত্তা চঃনাম, চৌল্লয়া ইত্যাদি নৃত্য (Mising community dance forms) ৷ সমূহ মিচিং জনগোষ্ঠীৰ লোক লগ হৈ আজিলৈকে একলগে তেওঁলোকৰ জনজাতীয় নৃত্যসমূহ পৰিৱেশন কৰিব নোৱাৰাৰ দুখ প্ৰকাশ কৰে সামৰণি অনুষ্ঠানৰ আয়োজকে ৷

চিচিটঙানী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং লৃঃলেন অৰ্থাৎ বিদায় অনুষ্ঠানটি এক উদুলি মুদুলি পৰিৱেশৰ মাজত সফলভাৱে সামৰণি পৰে (Closing ceremony of Ali Aye Lrigang)। অনুষ্ঠানটোৰ মজিয়াৰ পৰা ৰাজ্যৰ অন্য জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণত ৰাজ্যিক বন্ধ ঘোষণা নকৰা বিষয়টো সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি আগন্তুক বৰ্ষবোৰৰ পৰা বন্ধৰ দাবীৰ ক্ষেত্ৰত চৰকাৰক সন্মতি জনাবলৈ আহ্বান জনায় আয়োজকে ৷  

মেৰ চাপৰি কৃষ্টি ভৱন চৌহদত প্ৰয়াত লিংকিৰ পেগু লত্তাত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আলি আঃয়ে লৃগাং লৃঃলেন বিদায় অনুষ্ঠানত গুমৰাগ, ঐনিঃতম, এক নৃত্য, লত্তা চঃনাম, কাবান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Ali Aye Lrigang closing ceremony in Silapathar) । মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জহান দলে, TMPK কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান পাংগিং, TMMK কেন্দ্ৰীয় উপ সভানেত্ৰী বন্তিবালা পেগু, হৰিনাথ পেগু আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : PMAY scheme in Dhemaji: ধেমাজিত PMAY আঁচনি ৰূপাণত দুৰ্নীতি হোৱাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.