thumbnail

By

Published : May 13, 2023, 2:00 PM IST

ETV Bharat / Videos

Thalassaemia child in Rangia: থেলাচিমিয়াত আক্ৰান্ত শিশুক সহায়ৰ হাত ৰঙিয়া মহকুমাধিপতিৰ

ৰঙিয়া, ১৩ মে': আৰ্তজনৰ কাষত থিয় হ'ল ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মন । ৰঙিয়াৰ বিছেন্নালা নিবাসী ৰাতুল কলিতাৰ কন্য়াশিশু তেজৰ জটিল ৰোগ থেলাচিমিয়াত আক্ৰান্ত (Suffering from Thalassaemia in Rangia) । জন্মৰ তিনিমাহ পিছৰ পৰাই বৰ্তমান পাঁচ বছৰ বয়সলৈ শিশুটিক প্ৰতিমাহে দুই ইউনিটকৈ তেজৰ প্ৰয়োজন হয় ।

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে কোনোমতে কণমানিটোৰ চিকিৎসা চলাই আহিছে যদিও বৰ্তমান পৰিয়ালটো আৰ্থিক সংকটৰ গৰাহত পৰিছে ৷ শিশুটিৰ লগতে পৰিয়ালটোৰ খবৰ লাভ কৰে মাৰোৱাৰী মহিলা মঞ্চৰ ৰঙিয়া শাখাই (Marwari Womens Forums Rangiya)। মাৰোৱাৰী মহিলা মঞ্চৰসদস‍্য সকলে বিষয়টো ৰঙিয়াৰ মহকুমাধিপতিক অৱগত কৰে আৰু সহায়ৰ বাবে আবেদন জনায় ।

মহকুমাধিপতিগৰাকীয়ে ততালিকে বিষয়টো সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰি শুক্ৰবাৰে চিকিৎসকসহ শিশুৰ বাসগৃহত উপস্থিত হয় । প্ৰাথমিক পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত শিশুটিক ৰাষ্ট্ৰীয় বাল সুস্থ কাৰ্যক্ৰমৰ (National Bal Swasthya Karyakram) অধীনত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ‍্যলৈ পঠিওৱাৰ ব‍্যৱস্থা গ্ৰহণ কৰে মহকুমাধিপতিগৰাকীয়ে । 

লগতে পঢ়ক:BPF meeting in Chirang: চিৰাং জিলা বিপিএফৰ কোচ ৰাজবংশী আৰু গোৰ্খা কোষ গঠন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.