thumbnail

By

Published : Aug 24, 2022, 6:11 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

হঠাৎ অসুস্থ ৰঙাগড়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী

গোলাঘাট জিলাৰ ৰঙাগড়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত অঘটন (Rongagara Tea Garden School incident)। বিদ্যালয়তে হঠাৎ অসুস্থ হৈ পৰে ১০ৰো অধিক শিক্ষাৰ্থী (Students suddenly fall ill)। জ্বৰ, কাঁহ, কঁপনিৰ লগতে উশাহ-নিশাহত কষ্ট পোৱাৰ কথা কৈছে শিক্ষাৰ্থী কেইগৰাকীয়য়ে । প্ৰাত:সভালৈ সম্পূৰ্ণ সুস্থ হৈ থকা শিক্ষাৰ্থীকেইগৰাকী শ্ৰেণীকোঠাত থকাৰ সময়তে অসুস্থ হৈ পৰে (Students fall ill in school)। লগে লগে অসুস্থ শিক্ষাৰ্থীসকলক শিক্ষকসকলে ৰঙাগড়া চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰায় । অৱশ্যে কি কাৰণত এনেদৰে শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰে এতিয়াও পোহৰলৈ অহা নাই । কোনো বিষক্ৰিয়াৰ ফলত এনে পৰিস্থিতি হোৱাৰ সন্দেহ কৰিছে শিক্ষকসকলে । জানিব পৰা মতে বৰ্তমানেও অসুস্থ শিক্ষাৰ্থীৰ সংখ্যা বাঢ়ি আছে । যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.