বৰমাৰ পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰৰ সাফল্য - Pioneer Academy in Barma achieve success
🎬 Watch Now: Feature Video

বাক্সা জিলাৰ অন্তৰ্গত বৰমাত থকা পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰই বিদ্যালয়খনলৈ সফলতা কঢ়িয়াই আনিছে (Students of Pioneer Academy in Barama achieve success)৷ সদ্য ঘোষিত ২০২২ চনৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হয় পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰ ক্ৰমে ডৈদেন মোছাহাৰী, হায়েছা ৰামছিয়াৰী, ত্ৰিদেৱ বসুমতাৰী আৰু হিমাংশু দেউৰীয়ে ৷ এই চাৰিজন ছাত্ৰৰ ভিতৰত তিনিজন ছাত্ৰই JEE আৰু আন এজনে NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় ৷ ছাত্ৰকেইগৰাকীৰ এই সাফল্যই বৰমা তথা বাক্সা জিলাৰ লগতে পায়নিয়াৰ একাডেমিলৈ গৌৰৱ কঢ়িয়াই অনা বুলি উল্িলেখ কৰিলে একাডেমিখনৰ অধ্যক্ষা বৃছা বসুমতাৰীয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST